নিউজ ডেস্ক, 27 মে':তেলেংগানাত ক্ৰমবৰ্ধমান কৰ'ণা মহামাৰীৰ সংক্ৰমণ । মঙলবাৰৰ দিনটোত মুঠ ৭১ গৰাকী লোকৰ দেহত ধৰা পৰে Covid-19ৰ অৱস্থিতি । তাৰে ভিতৰত ৪ গৰাকী বিদেশী আৰু ১২ গৰাকী প্ৰব্ৰজক আছিল ।
বৰ্তমানলৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,৯৯১ গৰাকীলৈ । ইয়াৰে মঙলবাৰে এগৰাকী লোকৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ৫৭ গৰাকীলৈ ।
ক্ৰমাগতভাৱে চতুৰ্থটো দিনটো বিদেশৰ পৰা উভতি অহা লোকৰ দেহত পোৱা গ'ল এই ভাইৰাছৰ অৱস্থিতি । ফলত মুঠ ৩২ গৰাকী বিদেশৰ পৰা উভতি অহা লোকৰ দেহত পোৱা যায় এই ভাইৰাছৰ অৱস্থিতি ।
২২ মে'ত ৰাজ্যখনত কুৱেইটৰ পৰা উভতি অহা ৪ গৰাকী লোকৰ দেহত পোৱা গৈছিল COVID-19 পজিটিভ । তেলেংগানাত প্ৰথম বাৰৰ বাবে বন্দে ভাৰত অভিযানত, বিদেশৰ পৰা উভতি অহা এইকেইজন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।