নেশ্বনেল ডেস্ক, 10 নৱেম্বৰঃঅযোধ্যা ভূমি বিবাদ গোচৰৰ চূড়ান্ত ৰায়দানৰ পিচত বৰ্তমানলৈ কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷ অযোধ্যাৰ লগতে সমগ্ৰ দেশতে এই ৰায়দানক লৈ চোৰাংচোৱা বাহিনীৰ লগতে অন্যান্য বাহিনীসমূহে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি ৰাখিছিল ৷
লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ
অযোধ্যাৰ চক্ৰ বিষয়া অমৰ সিঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে, এতিয়ালৈকে অযোধ্যাত কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷ আৰক্ষী বিভাগৰ লগতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীসমূহে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি ৰাখিছে ৷ ৰায়দানৰ প্ৰায় 20 ঘন্টা পিচত অযোধ্যাত শান্তি অটুট ৰাখিবলৈ সক্ষম হৈছে আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীসমূহে ৷
লগতে পঢ়কঃ ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন
উল্লেখ্য, ভূমি বিবাদৰ ৰায়দানৰ পূৰ্বেই উত্তৰ প্ৰদেশত বৃহৎ হাৰে মোতায়েন কৰা হৈছিল নিৰাপত্তা বাহিনী ৷ ইয়াৰ উপৰিও বিভিন্ন স্থানত 144ধাৰা জাৰী কৰাৰ লগতে সংস্থাপন কৰা হৈছিল চিচিটিভি ৷ ড্ৰ'ণৰ দ্বাৰা পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা ৷