অসম

assam

কোনো ছোৱালী ৰাহুলৰে বিয়া হ’ব নিবিচাৰে;কিন্তু তেওঁ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে: প্ৰজ্ঞা ঠাকুৰ

By

Published : Jan 27, 2021, 5:58 PM IST

দেশৰ প্ৰতিটো শিশুৱে ৰাহুলক লৈ হাঁহে আৰু কোনো ছোৱালীয়ে তেওঁৰ সৈতে বিয়া হ’বলৈ ইচ্ছা প্ৰকাশ নকৰে ৷ কিন্তু মাকে ইটালীত বহি ৰাহুল প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখে ৷ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ এইদৰে ঠাট্টাসূচক মন্তব্য কৰে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে ৷

MP Pragya Thakur commented on rahul gandhi
ৰাহুলক লৈ সাংসদ প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য

নেশ্যনেল ডেস্ক,27 জানুৱাৰী : বিতৰ্কিত বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ এক ঠাট্টাসূচক মন্তব্য কৰা পৰিলক্ষিত হয় ৷ কোনো ছোৱালীয়ে ৰাহুলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব নিবিচাৰে আৰু ইফালে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে ৰাহুলে ৷

ৰাহুলক লৈ সাংসদ প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য

ৰাহুল গান্ধীৰ শেহতীয়া মন্তব্যত এই প্ৰত্যুত্তৰ দিয়ে সাংসদ প্ৰজ্ঞা ঠাকুৰে ৷ ৰাহুলে মন্তব্য কৰিছিল যে, দেশৰ অৰ্থনীতি আৰু কৃষকসকল শক্তিশালী হ’লে চীনে কেতিয়াও ভাৰতত প্ৰৱেশ কৰিবলৈ সাহস কৰিব নোৱাৰিব ৷

ইফালে সাংসদ প্ৰজ্ঞা ঠাকুৰে ৰাহুলৰ নাম উল্লেখ নকৰাকৈ কয় যে, তেওঁৰ নাম নকৰাকৈ সাংসদ ঠাকুৰে কয় যে, "সকলোৱে প্ৰধানমন্ত্ৰী হ’ব বিচাৰে, কিন্তু তেওঁলোক সক্ষম হোৱা উচিত। কৃষক আৰু সৈনিকসকলৰ নিজৰ ভূমিকা আছে ৷ কিন্তু কিছুমান দুমুখীয়া লোকে কয় সৈনিকৰ প্ৰয়োজন নাই" ।

লগতে তেওঁ কয় যে, "এতিয়া এনে এগৰাকী ব্যক্তি আছে, যাৰ কোনো জ্ঞান বা সংস্কৃতি নাই ৷ দেশৰ প্ৰতিটো শিশুৱে ৰাহুলক লৈ হাঁহিছিল, আৰু কোনো ছোৱালীয়ে তেওঁক বিয়া নকৰিব" ।

"মই এটা অনুষ্ঠান চাই আছিলো, য'ত মহাবিদ্যালয়ৰ ছাত্ৰীসকলক সোধা হৈছিল যে, তেওঁলোকে ৰাহুল গান্ধীৰ নিচিনা এজন মানুহক বিয়া কৰিব নেকি? তেতিয়া তেওঁলোকে ৰাহুলক ঠাট্টা কৰিছিল । তেওঁৰ মাকে ইটালীত বহি ৰাহুল প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখে" ৷ এইদৰে ঠাট্টাসূচক মন্তব্য কৰে সাংসদ প্ৰজ্ঞা ঠাকুৰে ৷

লগতে পঢ়ক :২০২৪ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য়

ABOUT THE AUTHOR

...view details