নিউজ ডেস্ক, ৪ এপ্ৰিলঃ ৰে'ল সেৱা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । কিন্তু আগন্তুক কিছু দিনৰ ভিতৰত এই সন্দৰ্ভত নিৰ্ণয় লোৱাৰ পূৰ্ণ সম্ভৱনা আছে । শনিবাৰে ভাৰতীয় ৰে'ল বিভাগে সদৰী কৰে এই কথা ।
ভাৰতীয় ৰে'ল সেৱাৰ সন্দৰ্ভত লোৱা নাই সঠিক সিদ্ধান্ত ! - পীয়ুষ গোয়েল
ভাৰতীয় ৰে'ল সেৱাই ২১ দিনীয়া লক ডাউনৰ অন্তত ৰে'ল সেৱা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো সঠিক সিদ্ধান্ত গ্ৰহণ কৰা নাই । আগন্তুক সময়ছোৱাত লোৱা হ'ব এই বিষয়ত সিন্ধান্ত ।
ভাৰতীয় ৰে'ল সেৱাৰ সন্দৰ্ভত লোৱা নাই সঠিক সিদ্ধান্ত !
এজন ৰে'ল বিষয়াৰ মন্তব্য অনুসৰি, ৰে'লৱে বোৰ্ডৰ দিয়া অনুমতি অনুসৰিহে প্ৰত্যকখন ৰে'লৰ সেৱা আগবঢ়োৱা হ'ব । শুকুৰবাৰে ৰে'ল বিভাগৰ বিষয়া সকলে ৰে'লৱেৰ অধ্যক্ষ পীয়ুষ গোয়েলৰ সৈতে হোৱা ভিডিঅ' কনফাৰেঞ্চৰত এই সিদ্ধান্ত গ্ৰহণ কৰে ।
উল্লেখ্য যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশজুৰি ২১ দিনৰ লক ডাউনৰ ঘোষণা কৰে । লক ডাউন বাবেই ২৪ মাৰ্চৰ পৰা মুঠ ১৩,৫২৩ খন ৰে'লৰ সেৱা বাতিল কৰা হয় ২১ দিনৰ বাবে ।