নিউজ ডেস্ক,23 অক্টোবৰ : মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী ইমাৰ্তী দেৱীক প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে কৰা ঠাট্টাৰ পাচতে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে ৷ কিয়নো নিৰ্বাচনী আয়োগে আগন্তুক 48 ঘণ্টাৰ ভিতৰত ঘটনা সন্দৰ্ভত কমলনাথৰ উত্তৰ বিচাৰিছে ৷
আয়োগৰ জাননীৰ পাচত কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ তদন্তত প্ৰশ্ন উত্থাপন কৰে,য’ত আয়োগৰ আচৰণক বৈষম্যমূলক আৰু দুৰ্ভাগ্যজনক বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে ৷ আনফালে,কমলনাথে ঠাট্টাৰ বাবে ক্ষমা নুখুজি আকোৰগোঁজ হোৱা পৰিলক্ষিত হৈছে ৷
বিজেপিয়ে আক্ৰমণাত্মকভাৱে এই বিষয়টো উত্থাপন কৰি নিৰ্বাচনী আয়োগ,ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতিৰ দ্বাৰা কমলনাথলৈ জাননী প্ৰেৰণ কৰে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আপত্তি দৰ্শোৱাৰ পাচতো কমলনাথে ক্ষমা খুজিবলৈ মান্তি নহ’ল ৷
কিয় নিৰ্বাচনী আয়োগে বিচাহুলালৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান কৰা নাই? : কংগ্ৰেছ
ইয়াৰ মাজতে কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ কাম-কাজক ভেদভাৱ আৰু দুৰ্ভাগ্য আখ্যা দিয়ে ৷ কংগ্ৰেছে কয় যে,সাংবিধানিক সংস্থাৰ দ্বাৰা এগৰাকী ব্যক্তি বিশেষক সুখী কৰিবলৈ এইকেইদিন যেনেধৰণৰ কাৰ্য হাতত লোৱা হৈছে,সেইটো বাস্তৱিকতে দুৰ্ভাগ্যজনক ৷
মধ্যপ্ৰদেশৰ কংগ্ৰেছ সংবাদ বিভাগৰ উপাধ্যক্ষ ভুপেন্দ্ৰ গুপ্তাই কয় যে,ভাৰতৰ শিক্ষিত আৰু সাংবিধানিক সংস্থাই শব্দক লৈ দিয়া স্পষ্টীকৰণ অতি দুৰ্ভাগ্যজনক ৷ কংগ্ৰেছ দল সদায় স্বাধীন নিৰ্বাচন আৰু নিৰপেক্ষ নিৰ্বাচনী সংগঠনক সমৰ্থন কৰে ৷ যাক বিশ্বজুৰি সন্মান জনোৱা হৈছিল,সেই দলটো আজি নিম্নগামী হৈছে ৷ এইটো অতি দুখজনক কথা ৷