নতুন দিল্লী, 3 এপ্ৰিলঃঅভিবাসী শ্ৰমিকৰ মাজত শংকাৰ সৃষ্টি কৰা বুলি উচ্চতম ন্যায়ালয়ৰ ওচৰত চৰকাৰে সংবাদ মাধ্যমক জগৰীয়া কৰা কাৰ্যক সম্পাদক গিল্ডে গভীৰ উদ্বেগজনক বুলি আখ্যা দিছে । লক ডাউনৰ সময়ত এইধৰণৰ পদক্ষেপে বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিব পাৰে ।
তীক্ষ্ণ শব্দৰে সম্পাদক গিল্ডে কয় যে, এই সময়ত সংবাদ মাধ্যমক দোষাৰোপ কৰা কাৰ্যই কেৱল কাম সমূহকহে দুৰ্বল কৰি পেলাব ।
এপেক্স কৰ্টে মহামাৰীৰ ওপৰত হোৱা বাক যুদ্ধত বাধা পৰিব নিদিয়ে । সংবাদ মাধ্যমে কেৱল চৰকাৰী তথ্যহে প্ৰচাৰ কৰা উচিত বুলি সম্পাদক গিল্ডে প্ৰকাশ কৰে ।
গিল্ডে লগতে কয় যে, আদালতৰ প্ৰতি পূৰ্ণ সন্মান আছে, কিন্তু এই মুহূৰ্তত এই উপদেশ জটিল আৰু অনাৱশ্যক । এই ধৰণৰ অভিযোগে দেশত সংকটৰ সময়ত বাতৰি প্ৰচাৰ কাৰ্যত বাধা আৰোপ কৰিব পাৰে ।