অসম

assam

ETV Bharat / bharat

ভাৰতীয় ৰে'ল নিগমৰ সবাতোকৈ সুৰক্ষিত বৰ্ষ 2019 - ভাৰতীয় ৰে'ল নিগম

2019 বৰ্ষটো ভাৰতীয় ৰে'লৱে সেৱাৰ বাবে সবাতোকৈ সুৰক্ষিত বৰ্ষ হিচাপে পৰিগণিত হৈছে ৷ ভাৰতীয় ৰে'ল সেৱা আয়োগে প্ৰকাশ কৰে এই তথ্য ৷

ভাৰতীয় ৰে'ল নিগমৰ সবাতোকৈ সুৰক্ষিত বৰ্ষ 2019
ভাৰতীয় ৰে'ল নিগমৰ সবাতোকৈ সুৰক্ষিত বৰ্ষ 2019

By

Published : Dec 28, 2019, 3:23 PM IST

নিউজ ডেস্ক, 28 ডিচেম্বৰ: 2019 বৰ্ষত চৰকাৰী পৰিবহণ ব্যৱস্থাৰ বাবে সবাতোকৈ সুৰক্ষিত বৰ্ষ ৷ কিয়নো এই বছৰটোত চৰকাৰী যান-বাহন সমূহৰ দ্বাৰা সংঘটিত হোৱা দুৰ্ঘটনাত নিহত হোৱা নাই এজনো যাত্ৰী ৷ ভাৰতীয় পৰিবহন নিগমৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷ ৰে'ল দুৰ্ঘটনাসমূহত ৰে'লৱে কৰ্মচাৰীৰ মুত্যু হৈছে যদিও ইতিহাসত প্ৰথমবাৰ ৰে'ল দুৰ্ঘটনাত এজনো যাত্ৰী নিহত হোৱা নাই 2019 বৰ্ষত ৷

ভাৰতীয় ৰে'ল নিগমৰ সবাতোকৈ সুৰক্ষিত বৰ্ষ 2019

2018-19 বৰ্ষত 16 জন, 2017-18 বৰ্ষত 28 জন আৰু 2016-17 বৰ্ষত 195 জন লোকৰ মৃত্যু হৈছে ৰে'ল দুৰ্ঘটনাত ৷ আনহাতে 1990-95 এই 5 বছৰৰ ভিতৰত সংঘটিত হৈছিল 500 তকৈও অধিক দুৰ্ঘটনা যত 2,400 তকৈও অধিক লোক নিহত হোৱাৰ লগতে 4,300 তকৈও অধিক লোক আহত হৈছিল ৷ সেই দশকৰ পিছত অৰ্থাৎ 2013-2018 এই 5 বছৰৰ ভিতৰত প্ৰত্যক বছৰে 110 টাকৈ ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে নিহত হয় 990 তকৈও অধিক লোক আৰু 1,500 তকৈও অধিক লোক আহত হয় ৷ সংবাদ মাধ্যমৰ লগত উপলব্ধ থকা তথ্যত এই কথা প্ৰকাশ পায় ৷

মুখামুখি সংঘৰ্ষ, লাইনচ্যুত, অগ্নিসংঘোগ আদিবোৰ কাৰণতেই ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা জানিব পৰা গৈছে ৷ ৰে'ল দুৰ্ঘটনাৰ সময়ত কেৱল যাত্ৰী তথা কৰ্মকৰ্তাসকলৰ মৃত্যুহে ৰে'লৱে কৰ্তৃপক্ষৰ দ্বাৰা গণনা কৰা হয় ৷ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক ৰে'লৱে কৰ্তৃপক্ষই গণনা নকৰে ৷

বিগত কেইবাবছৰ ধৰি ক্ৰমে হ্ৰায় পাই আহিছে ৰে'ল দুৰ্ঘটনাৰ সংখ্যা ৷ 2017-18ৰ পৰা এই বৰ্ষৰ মাৰ্চ মাহলৈ সংঘটিত হৈছে মাত্ৰ 73 টা দুৰ্ঘটনা ৷ আনহাতে এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ এই দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাই 45 হৈছে, যিটো ভাৰতীয় ৰে'লৱে নিগমৰ বাবে এক সুখবৰ ৷ 2014-15 চনত 50 টা দুৰ্ঘটনা, 2015-16 চনত 20 টা, 2016-17 ত 10টা, 2017-18ত 3 টা, 2018-19ত পুনৰ 3টা হোৱাৰ বিপৰীতে 2019-20 এই সংখ্যা শূণ্যলৈ হ্ৰাস পোৱা পৰিলক্ষিত হ'ল ৷

আনহাতে ৰে'ল দুৰ্ঘটনাত আহত হোৱা লোকৰ সংখ্যাও হ্ৰাস পাইছে ৷ 2016-17 বৰ্ষত 365 জন লোক, য'ত 28 ডিচেম্বৰ 2016ত আজমেৰ-চিয়ালদাহ এক্সপ্ৰেছখন লাইনচ্যুত হৈ যি 44 জন লোক আহত হৈছিল সেইসকলো অন্তৰ্ভুক্ত হৈ আছে ৷ এই বৰ্ষতে হাৰিখণ্ড এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ফলত 68 জন লোক আহত হোৱাৰ কথা জানিব পাৰি ৷

উত্তৰ-প্ৰদেশৰ খাটাউলিত এক ৰে'ল দুৰ্ঘটনাত 97 জন লোক আহত হোৱাৰ লগতে কালিংগৰ উৎকল এক্সপ্ৰেছত হোৱা ৰে'ল দুৰ্ঘটনাত 23 জন লোক আহত হোৱাকে ধৰি 2017-18 বৰ্ষত মুঠ 195 জন লোক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ এই বৰ্ষতে সংঘটিত হৈছিল অমৃৎসৰৰ ভয়ানক ৰে'ল দুৰ্ঘটনা ৷ য'ত মুঠ 59 জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল 100জনৰো অধিক লোক ৷

কেইখনমান মালবাহী ৰে'ল দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিপৰীতে 2019-20 চনত যাত্ৰীবাহী ৰে'ল দুৰ্ঘটনাত এজনো লোকৰ মৃত্যু নোহোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

এই বৰ্ষৰ কেইটামান ৰে'ল দুৰ্ঘটনা হ'ল- চিমাঞ্চল এক্সপ্ৰেছৰ 11 টা ডবা লাইনচ্যুত হোৱা, ছাপৰা-চুৰাত টাপ্টি গংগা এক্সপ্ৰেছ লাইনচ্যুত হোৱা, হাইদৰাবাদ ডেক্কান-নতুন দিল্লী তেলেংগানা এক্সপ্ৰেছত অগ্নিকাণ্ড, লগতে তেলেংগানাত দুখন ৰে'লৰ মুখামুখি সংঘৰ্ষ য'ত 16 জন লোক আহত হোৱা দুৰ্ঘটনা অন্যতম ৷

এই বৰ্ষত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই 2019-20 বৰ্ষত হোৱা ৰে'ল দুৰ্ঘটনাত মৃত্যুৰ মুখত পৰা নাই এজনো যাত্ৰী ৷ ৰে'লত উন্নত আৰু আধুনীক যন্ত্ৰৰ ব্যৱহাৰ, পুখানুপুংখভাৱে সকলোবোৰ পৰ্যবেক্ষণ এইধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰাৰ বাবেই ৰে'ল দুৰ্ঘটনাসমূহ পূৰ্বৰ তুলনাত হ্ৰাস পোৱাৰ কথা জানিব পৰা গৈছে ৷

আৰু পঢ়ক: অলিম্পিক কোৱালিফায়াৰ্ছলৈ মেৰী কমৰ যোগ্যতা অৰ্জন : পৰাস্ত নিখত জাৰিন

ABOUT THE AUTHOR

...view details