অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃ সীতাৰাম য়েচুৰী - কৃষি আইন 2020

শাসকীয় বিজেপি চৰকাৰখনক সমালোচনা কৰি চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ কৃষক প্ৰতিবাদ সন্দৰ্ভত কৰা কোনো কথাকেই বিশ্বাসত ল’ব নোৱাৰি ৷

No confidence in what Central govt says on farm issues: Sitaram Yechury
কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃসীতাৰাম য়েচুৰী

By

Published : Dec 26, 2020, 12:28 PM IST

নেশ্যনেল ডেস্ক,26 ডিচেম্বৰ:বিজেপি শাসনাধীন চৰকাৰ খনৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰি ৷ এই মন্তব্য চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবাদকাৰী কৃষকৰ বিভিন্ন সমস্যা সন্দৰ্ভত কৃষকৰে পুনৰ আলোচনাত মিলিত হ’ব বুলি এক মন্তব্য কৰাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

য়েচুৰীয়ে টুইটযোগে কয়, "কৃষকৰে মোদী চৰকাৰৰ আলোচনা সন্দৰ্ভত কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰি ৷ এই তিনিখন বিধেয়কেই সংসদত কোনোধৰণৰ আলোচনা নকৰাকৈ গৃহীত কৰিছিল শাসকীয় চৰকাৰখনে ৷ প্ৰধানমন্ত্ৰীয়ে আজি দাবী কৰিছে যে, তেওঁ কৃষকৰ বাবে কিছু ধন মোকলাই দিছে ৷ কিন্তু এইয়া কেৱল নিৰ্বাচনৰ পূৰ্বৰ আঁচনিহে ৷"

তিনিওখন কৃষি আইনৰ পক্ষত মাত মাতি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কেন্দ্ৰই কৃষকসকলৰ সমস্যা সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ কৰিবলৈ সাজু ৷ যেতিয়ালৈকে এই আলোচনা সমস্যা,প্ৰকৃত তথ্য আৰু যুক্তিৰ ওপৰত নিৰ্ধাৰিত হৈ থাকিব তেতিয়ালৈকে চৰকাৰৰ তীব্ৰ বিৰোধীতা কৰা লোকৰ সৈতেও চৰকাৰে আলোচনা বাহাল ৰাখিব ৷ ইয়াৰ মাজতেই প্ৰধানমন্ত্ৰী মোদীয়ে বামপন্থী সকলকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

আনহাতে, য়েচুৰীয়ে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি কয় "প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে কেৰালাত কিয় কোনোধৰণৰ প্ৰতিবাদ হোৱা নাই ৷ ইয়াৰ বিপৰীতে কেৰালাত অন্য ডাঙৰ প্ৰতিবাদ হৈ আছে ৷ কেৰালা চৰকাৰৰ দ্বাৰা এই তিনিওখন কৃষি বিধেয়ককে বাতিল কৰাৰ বাবে সংসদত বিশেষ বৈঠকৰ বাবে আবেদনৰ অনুমোদনক নাকচ কৰে ৰাজ্যপালে ৷ এইয়া সম্পূৰ্ণৰূপে অসংবিধানিক ৷"

লগতে পঢ়ক-ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক

ABOUT THE AUTHOR

...view details