নিউজ ডেস্ক, 21ডিচেম্বৰ :এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ পাইছিল যে, চীনা সৈনিক লাডাখৰ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰিছিল আৰু স্থানীয় ৰাইজ আৰু আই টি বি পিৰ জোৱান সকলৰ হস্তক্ষেপৰ পিছত উভতি গৈছিল ৷ চৰকাৰী বিষয়াসকলে এনে কোনো দাবী অস্বীকাৰ কৰিছে ।
চৰকাৰী সূত্ৰৰ মতে, ভিডিঅ'টো এটা পুৰণি ভিডিঅ' আৰু এয়া এটা স্থানীয় অসামৰিক বিষয় ।
"আজি এটা পুৰণি ভিডিঅ' প্ৰচাৰ কৰা হৈছে। তৎসত্তেও এই বিষয়টো স্থানীয় অসামৰিক প্ৰশাসনে মোকাবিলা কৰি আছে" কোনো চীনা সৈনিকে ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰা নাই বুলি দাবী কৰি চৰকাৰী সূত্ৰই এনেদৰে কয় ।