তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ - তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ
তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি কৰা হোৱা নাই ৷ চিক্কিমত উৎপত্তি হোৱা তিস্তা নদী পশ্চিম বংগ হৈ বৈ আহি ভাৰতত অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু বাংলাদেশত থকা যমুনা নদীত মিলিত হয় ৷ বাংলাদেশে ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত নদীখনৰ 50 শতাংশ পানীৰ অংশীদাৰিত্ব বিচাৰিছিল যাৰ বিপৰীতে ভাৰতে বিচাৰিছিল 55 শতাংশ

নিউজ ডেস্ক, 20 আগষ্টঃ তিনি দিনীয়া বাংলাদেশ ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ.জয়শংকৰে মঙলবাৰে জানিবলৈ দিয়ে যে তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি কৰা হোৱা নাই ৷ চিক্কিমত উৎপত্তি হোৱা তিস্তা নদী পশ্চিম বংগ হৈ বৈ আহি ভাৰতত অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু বাংলাদেশত থকা যমুনা নদীত মিলিত হয় ৷ বাংলাদেশে ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত নদীখনৰ 50 শতাংশ পানীৰ অংশীদাৰিত্ব বিচাৰিছিল যাৰ বিপৰীতে ভাৰতে বিছাৰিছিল 55% ৷ 2011 চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত এই চুক্তি সম্পাদন হোৱা কথা আছিল যদিও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিত এই চুক্তি হৈ নুঠিল ৷