নিউজ ডেস্ক, 24 আগষ্টঃ সোমবাৰেও একে অৱস্থাত আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ স্বাস্থ্য ৷ পূৰ্বৰ দৰে সোমবাৰেও ৰাষ্ট্ৰপতি গৰাকী সংজ্ঞাহীন হৈ থকা বুলি সদৰি কৰে Army's Research and Referral হাস্পতাল কৰ্তৃপক্ষই ৷
আনহাতে, 84 বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভেন্টিলেটৰৰ সহায়তহে শ্বাস-প্ৰশ্বাসে ক্ৰিয়া কৰি আছে বুলি মত প্ৰকাশ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ লগতে কয় যে, "প্ৰণৱ মূখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা আজি পুৱা ভাগৰ পৰাই একে অৱস্থাত আছে ৷ তেখেত সংজ্ঞাহীন হৈ আছে আৰু তেখেতক উন্নতমানৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ কিন্তু তেখেতৰ পেৰামিটাৰ বৰ্তমানো স্থিৰে আছে ৷