অসম

assam

ETV Bharat / bharat

নিভাৰৰ প্ৰভাৱ: চেম্বৰমবক্কম বান্ধ মুকলি - নিভাৰৰ প্ৰভাৱ: চেম্বৰমবক্কম বান্ধ মুকলি

2015 চনৰ ডিচেম্বৰত চেন্নাইত প্ৰলয়ৰ সময়ত চেম্বৰমবক্কম হ্ৰদত বিপৰ্যয় সৃষ্টি হৈছিল ৷ প্ৰায় পাঁচ বছৰ পিছত হ্ৰদটোত অনুৰূপ পৰিৱেশ সৃষ্টি হৈছে ৷ সামুদ্ৰিক ঘূৰ্ণি নিভাৰ অহাৰ পৰিপ্ৰেক্ষিতত এই হ্ৰদটোত থকা বান্ধটোৰ সকলো দ্বাৰ খুলি দিয়া হৈছে ৷ সামুদ্ৰিক এই ঘূৰ্ণি অহাৰ বাবে হ্ৰদটোৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰচুৰ পৰিমাণে হোৱা বৰষুণৰ ফলত হ্ৰদটো উফন্দি উঠে ৷

Nivar Effect Shutters of Chembarambakkam dam opened initial discharge at 1000 cusecs Etv bharat news
চেম্বৰমবক্কম বান্ধ

By

Published : Nov 25, 2020, 6:30 PM IST

চেন্নাই,25 নৱেম্বৰ: 2015 চনৰ ডিচেম্বৰত চেন্নাইত হোৱা প্ৰলয়ৰ সময়ত চেম্বৰমবক্কম হ্ৰদৰ পানী উফন্দি উঠিছিল ৷ প্ৰায় পাঁচ বছৰ পিছত হ্ৰদটোত অনুৰূপ পৰিৱেশ সৃষ্টি হৈছে ৷ সামুদ্ৰিক ঘূৰ্ণি বতাহ নিভাৰ অহাৰ বাবে এই হ্ৰদটোৰ সকলো বান্ধৰ দ্বাৰ খুলি দিয়া হৈছে ৷ হ্ৰদটোৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰচুৰ পৰিমাণে হোৱা বৰষুণৰ ফলত হ্ৰদটোৰ পানীভাগ উফন্দি উঠে ৷ প্ৰতি ছেকেণ্ডত প্ৰায় 1000 ফুট উচ্চতালৈ হ্ৰদটোৰ পানীৰ স্তৰ বৃদ্ধি পায় ৷

পণ্ডিচেৰীৰ কৰাইকাল আৰু মহাবলীপুৰমত 25 আৰু 26 নৱেম্বৰৰ নিশা বিধ্বংসী ৰূপত এই ধুমুহা অহাৰ সম্ভাৱনা পূৰ্বে ব্যক্ত কৰা হৈছে ৷ চেন্নাইৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক এছ বালাচন্দ্ৰণে প্ৰকাশ কৰা অনুসৰি, চহৰখনত এই সাগৰীয় ধুমুহা প্ৰতি ঘণ্টাত 100 কিল’মিটাৰ বেগত বলাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

চেম্বৰমবক্কম বান্ধ মুকলি

বিগত 6 ঘণ্টাত এই ঘূৰ্ণি বতাহে প্ৰতি ঘণ্টাত 11 কিল’মিটাৰ বেগত বলিছে ৷ এই বতাহ পৰৱৰ্তী কেইবাঘণ্টাৰ বাবে অধিক সবল হৈ উঠিব ৷ ৰাজ্যখনত ইতিমধ্যে যথেষ্ঠ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই ঘূৰ্ণিৰ তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখিয়ে 15 টাকৈ এনডিআৰএফ বাহিনীৰ দল সাজু হৈ উঠিছে ৷ ইয়াৰোপৰি সমুদ্ৰতীৰৰ সমীপৰ পৰা প্ৰায় 24,166 গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷ সমান্তৰালকৈ সাজু হৈ আছে ভাৰতীয় সেনাবাহিনীৰ 14 টা দল ৷

সূত্ৰৰ ভিত্তিত 8 বজালৈ লাভ কৰা তথ্য অনুযায়ী, ৰাজ্যখনৰ প্ৰায় 13 খন জিলাৰ সমুদ্ৰতীৰৰ সমীপৰ পৰা 24,166 গৰাকী লোকক স্থানান্তৰ কৰি স্থাপন কৰা 315 টা অস্থায়ী শিবিৰত সংস্থাপিত কৰা হৈছে ৷ কুড্ডালোৰ জিলাত 6 টা, নাগপট্টিনমত 3 টা, ময়িলাদুথুৰাইত এটা, বিল্লুপুৰমত 2 টা, চেংগলপট্টুত 3 টা আৰু তংজাবুৰত এটাকৈ এনডিআৰএফ বাহিনীৰ দল প্ৰেৰণ কৰা হৈছে ৷ চেন্নাইত মঙলবাৰে সমগ্ৰ নিশা 12.7 ছেণ্টিমিটাৰ হাৰত বৰষুণ হৈছে ৷

4,733 টা আৱাসিক শিবিৰৰ লগতে ৰাজ্যখনত 121 অত্যাধুনিক সুবিধাযুক্ত সুৰক্ষা শিবিৰৰ ব্যৱস্থা কৰা হৈছে ৷ এই শিবিৰসমূহত একেলগে 12,98,768 গৰাকী ব্যক্তিয়ে আশ্ৰয় গ্ৰহণ কৰিব পাৰিব ৷ চেন্নাইত এই ধুমুহাৰ ফলতে ৰাজপথত প্ৰায় 26 ডাল গছ উভালি পৰে ৷ বুধবাৰে এই ঘূৰ্ণীৰ আশংকাতে 11 খনকৈ এক্সপ্ৰেছ ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে ৷ তদুপৰি ঘৰুৱা বিমান সেৱাৰ প্ৰায় 26 খন বিমানৰ চলাচল বাতিল কৰা হৈছে ৷

নেৰানেপেৰা বৰষুণ অব্যাহত

তামিলনাডুৰ মুখ্যমন্ত্ৰী এডপ্পাদী কে পলানীস্বামীয়ে গ্ৰীণহাউচ ৰোড নিবাসৰ পৰা চেম্বৰমবক্কমলৈ শিবিৰসমূহ ৰাইজৰ বাবে মুকলি কৰিছে ৷ পূৰ্বতেই এই সম্পৰ্কত সতৰ্কতা জাৰি কৰা হৈছে ৷ বিৰোধী নেতা এম কে ষ্টালিনে বৰষুণৰ দ্বাৰা প্ৰভাৱিত এলেকাসমূহত ভোজনৰ পেকেট আৰু ধুমুহাৰ পৰা ৰক্ষা পোৱাৰ সন্দৰ্ভত বিভিন্ন পন্থা অৱলম্বন কৰাৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াইছে ৷

উল্লেখ্য যে,চেন্নাইৰ সমীপৱৰ্তী কেন্দ্ৰীয় স্বায়িত্ব শাসিত প্ৰদেশ পণ্ডিচেৰীত 144 ধাৰাৰ লগতে সান্ধ্য আইন জাৰি কৰা হৈছে ৷

লগতে চাওকঃএদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল

For All Latest Updates

ABOUT THE AUTHOR

...view details