নিউজ ডেস্ক, ১৪ অক্টোবৰ :দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে জেডিইউ দলে বহিষ্কাৰ কৰিলে দলটোৰ বিধায়কসহ ১৫ গৰাকী নেতাক । বহিষ্কৃত নেতাৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কো আছে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মঙলবাৰে এই সিদ্ধান্ত লয় নিতীশ কুমাৰে ।
বিধায়কসহ ১৫ গৰাকী নেতাক বহিষ্কাৰ কৰিলে জেডিইউৰ নেতা নিতীশ কুমাৰে
বিধানসভা নিৰ্বাচনৰ আগে আগে বিহাৰৰ শাসনাধিষ্ট জেডিইউ দলে বহিষ্কাৰ কৰিলে দলটোৰ বিধায়কসহ ১৫ গৰাকী নেতাক ।
দলটোৰ পৰা বহিস্কৃত নেতা সকলৰ ভিতৰত আছে দাদন সিং মাধৱ (বিধায়ক, ডুমৰান সমষ্টি), প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ পাছোৱান আৰু ভগৱান সিং কুশৱাহা, প্ৰাক্তন বিধায়ক ৰনবিজয় সিং আৰু চুমিত কুমাৰ সিং, দলটোৰ মহিলা মৰ্চাৰ প্ৰাক্তন প্ৰধান কাঞ্চন কুমাৰী গুপ্তা, প্ৰমোদ সিং চন্দ্ৰৱংশী, অৰুন কুমাৰ, টাজাম্মুল খান, কমলেশ চৌধাৰী, সিন্ধু পাছোৱান, শিৱশংকৰ চৌধাৰী, কাৰ্টাৰ সিং যাদৱ, ৰাকেশ ৰঞ্জন আৰু মুংগেৰী পাছোৱান ।
২৪৩ সদস্যযুক্ত বিহাৰ বিধানসভাৰ কাৰ্যকাল ২৯ নৱেম্বৰত অন্ত পৰিব । ৰাজ্যখনত অহা ২৮ অক্টোবৰ, ৩ নৱেম্বৰ আৰু ৭ নৱেম্বৰত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ১০ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব ।