নিউজ ডেস্ক,16 নৱেম্বৰ: সোমবাৰে বিহাৰৰ 37 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে নীতিশ কুমাৰে ৷ সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় নীতিশ কুমাৰ ৷ বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানে নীতিশ কুমাৰক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ জে পি নড্ডা ৷ তদুপৰি এই সমাৰোহত উপস্থিত থকাৰ পৰা বিৰত থাকে ৰাষ্ট্ৰীয় জনতা দলে ৷
বিহাৰত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে দেওবাৰে এনডিএ-ৰ বিধায়িনী দলৰ এখন বৈঠক আয়োজন কৰা হৈছিল ৷ উক্ত বৈঠকতে নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয় ৷ এই বৈঠকৰ পাছতে ৰাজভৱনলৈ গৈ নীতিশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আহ্বান জনায় ৷