নিউজ ডেস্ক, ৫ জুলাইঃ বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰসহ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ১৪ গৰাকীকৈ ব্য়ক্তিৰ মহামাৰী COVID-19ৰ পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, বিহাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মুঠ ১৫ গৰাকী কৰ্মচাৰীৰ ভিতৰত ১ গৰাকী কৰ্মচাৰীৰ দেহত মহামাৰী কৰ'ণাৰ অৱস্থিতি লাভ কৰে ।
বিহাৰৰ বিধানসভা পৰিষদৰ কাৰ্যবাহী অধ্যক্ষ অৱদেশ নাৰায়ণ সিঙৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰাৰ পাচতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ১৫ গৰাকী সদস্যসহ মুখ্যমন্ত্ৰী নিতিশ কুমাৰৰ কৰ'ণা পৰীক্ষা কৰোৱা হয় । তাৰ ভিতৰত এগৰাকী সদস্যৰ কৰ'ণা পৰীক্ষাৰ ৰিজাল্ট পজিটিভ আহে যদিও বাকীসকলৰ নিগেটিভ আহে বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ।