নিউজ ডেস্ক, ২৫ মাৰ্চ: " আমি পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছো, আমাৰ সৱল স্থিতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি একগোট হৈছে আটাইকেইটা বিৰোধী দল" এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নিতিন গাডকাৰীৰ । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহৰ মাজত হোৱা প্ৰাক নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ।
আমাৰ শক্তিশালী স্থিতিৰ আগত তিষ্ঠিব নোৱাৰি একত্ৰিত বিৰোধী শিৱিৰঃ নিতিন গাডকাৰী - MAHAGATHBANDHAN
নাগপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিতিন গাডকাৰী
সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, যদিহে আমাৰ অৱস্থা পূৰ্বৰ দৰে থাকিলহেতেন তেন্তে বিৰোধী দল সমূহ কেতিয়াও একত্ৰিত নহ'ল হয় । একগোট নহ'লে শাসনৰ গাদী দখল কৰাটো যে সম্ভৱ নহয়, সেই কথা প্ৰত্যকটো ৰাজনৈতিক দলে বাৰুকৈয়ে উপলব্ধিকৰিছে । কেৱল মাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থত এতিয়া আদৰ্শতগত বিভেদ থকা স্বত্তেও একেখন মঞ্চত একেলগ হৈছে বিৰোধী শিবিৰ ।
উল্লেখ্য যে, নাগপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । নিতিন গাডকাৰীৰ নাম 21 মাৰ্চত বিজেপিৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন প্ৰাৰ্থী তালিকাতে সন্নিবিষ্ট কৰা হৈছিল ।