নতুন দিল্লী,25 ডিচেম্বৰঃ নীতি আয়োগৰ সদস্য ৰমেশ চান্দে বুধবাৰে সামগ্ৰী আৰু সেৱা কৰৰ বহুতৰপীয়া ব্যৱস্থাৰ পৰিৱৰ্তে দ্বি-স্তৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷ প্ৰয়োজন সাপেক্ষে বছৰেকত ইয়াক সংশোধনৰ ব্যৱস্থাও কৰা হ’ব বুলি ঘোষণা কৰে ৷ সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি -পৰোক্ষ কৰৰ ক্ষেত্ৰত 2017 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছিল ৷ কিন্তু ইয়াৰ পিচৰ পৰা বহুবাৰ এই কৰ সলনি কৰা হয় ৷
বৰ্তমান চাৰি প্ৰকাৰৰ জি এছ টি কাৰ্যকৰী কৰা হৈছে ৷ সেয়া ক্ৰমে 5 শতাংশ,12 শতাংশ,18 শতাংশ আৰু 28 শতাংশ ৷ একাংশ সামগ্ৰী শূন্য কৰ হোৱাৰ বিপৰীতে পাঁচবিধ সামগ্ৰীত উপ-কৰ প্ৰযোজ্য কৰা হৈছে ৷ পি টি আই ৰ লগত হোৱা এক বাৰ্তালাপত চান্দে কয় যে, জি এছ টি ৰ দৰে বৃহৎ কৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয় ৷ যদিও পিচলৈ ই সুস্থিৰ পৰিৱেশ সৃষ্টি কৰে ৷ তদুপৰি ভাৰতক বাদ দি আন বহু দেশে জি এছ টি ৰ সুস্থিৰ বাতাবৰণ সৃষ্টিৰ বাবে দীৰ্ঘসময়ৰ প্ৰয়োজন হৈছিল ৷
নীতি আয়োগৰ একাংশ সদস্য,যিয়ে দেশৰ কৃষিক্ষেত্ৰৰ পৰিচালনা কৰে, তেওঁলোকে এই কৰৰ বিৰোধিতা কৰে ৷ কিয়নো সঘনাই হোৱা কৰৰ পৰিৱৰ্তনে অৰ্থনৈতিক ব্যৱস্থাত সমস্যাৰ সৃষ্টি কৰে ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক বিত্তমন্ত্ৰীক অন্তৰ্ভূক্ত কৰিবলগীয়া সকলো শক্তিশালী জি এছ টি পৰিষদে বিশেষ সামগ্ৰী আৰু সেৱা কৰৰ বাবে মূল্য অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷