অসম

assam

ETV Bharat / bharat

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে ! - 20 লাখ কোটি টকাৰ পেকেজ

nirmala sita raman, finance minister of modi cabinet live
nirmala sita raman, finance minister of modi cabinet live

By

Published : May 13, 2020, 4:11 PM IST

Updated : May 13, 2020, 5:11 PM IST

17:06 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

কেন্দ্ৰীয় চৰাকৰে নিৰ্মাণ ক্ষেত্ৰত গৃহৰ পঞ্জীয়ন আৰু প্ৰকল্পৰ সমাপ্তিকৰণ ছমাহলৈ বৃদ্ধি কৰিবলৈ ৰাজ্যচৰকাৰ আৰু কেন্দ্ৰী. শাসিত অঞ্চল সমূহক নিৰ্দেশ দিয়া হৈছে ৷

17:00 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

বিতৰণ কোম্পানী(DISCOM)ৰ ক্ষেত্ৰত 90 হাজাৰ কোটি টকাৰ লিকুইডিটি আঁচনি আগবঢ়োৱা হ'ব ৷ 

বিজুলী উৎপাদন আৰু বিতৰণ কোম্পানীসমূহ এই আঁচনিৰ দ্বাৰা লাভৱান হ'ব ৷

ৰে'ল, ৰাজপথ ,গড়কাপ্তানি আদিৰ ক্ষেত্ৰত জড়িত ঠিকাদাৰ সকলক 6 মাহলৈ কাম সম্পূৰ্ণ কৰাৰ বাবে সময় সীমা বৃদ্ধি কৰা হব ৷

এই ঠিকাদাৰ সকলক বেংক গ্যাৰান্টীও আংশিকভাৱে মুকলি কৰা হব ৷ 

16:52 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

অনাবেংকীয় বিত্তীয় প্ৰতিষ্ঠান, হাউচিং ফাইনেঞ্চ কোম্পানী আৰু মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ বাবে 30 হাজাৰ কোটি টকাৰ বিশেষ ব্যৱস্থা কৰোৱা হব ৷ 

য'ত তেওঁলোকৰ বাবে নগদ ধন উপল্বধ কৰোৱা হ'ব ৷ 

ভৱিষ্যতে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোগান ধৰিব অধিক ধন ৷ 

15 হাজাৰতকৈ কম দৰমহা পোৱা লোকক সহায় কৰিব ৷ 

16:48 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

চলিত বৰ্ষ 31 অক্টোবৰৰ পৰা প্ৰদান কৰা হ'ব ঋণ সমূহ ৷ 

100জনৰ তলত কৰ্মী থকা উদ্যোগ সমূহক EPF সাহাৰ্য প্ৰদান কৰিব জুন,জুলাই, আগষ্ট মাহলৈ ৷ 

এই ব্যৱস্থাই উদ্যোগসমূহক 25 হাজাৰ কোটি নগদ সাহাৰ্য উপলব্ধ কৰাব ৷

16:42 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত 200কোটি টকালৈ গ্ল'বেল নিবিদা আহ্বান কৰা নহ'ব ৷

4 বছৰৰ বাবে MSME উদ্যোগক লোণ দিয়া হ'ব ৷ 

MSME উদ্যোগসমূহলৈ চৰকাৰে ই-মাৰ্কেট লিংকৰ সুবিধা উপলব্ধ কৰাব ৷ 

COVID-19ৰ পিচত যিহেতু বাণিজ্য মেলা প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ অসুবিধাৰ বাবে ই-মাৰ্কেট লিংকৰ ব্যৱস্থা কৰা হব ৷ 

16:35 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

3 লাখ কোটি টকা লাভ কৰিব লঘু আৰু ক্ষুদ্ৰ উদ্যোগসমূহে ৷ 

লাভৱান হব 45 লাখ MSME উদ্যোগ ৷

3 কোটি টকাৰ ঋণ দিয়া হ'ব MSME উদ্যোগক ৷

MSME pfৰ বাবে বিশেষ পদক্ষেপ ৷

 ক্ষুদ্ৰ উদ্যোগৰ বিনিয়োগৰ সীমা 25 লাখৰ পৰা 1 কোটিলৈ বৃদ্ধি ৷

5 কোটি লৈকে লাভ অৰ্জনকাৰী উদ্যোগক ক্ষুদ্ৰ উদ্যোগ হিচাপে বিবেচনা কৰা হব ৷

লঘু আৰু মজলীয়া উদ্যোগ সমূহৰ ক্ষেত্ৰতো বিনিয়োগৰ সীমা 20 আৰু 50 কোটিলৈ বৃদ্ধি ৷ 

16:31 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

লক্ ডাউনে জুৰুলা কৰা MSME খণ্ডৰ উদ্যোগসমূহৰ আৰু NPAৰ পুনৰ উত্থানৰ কাৰণে 20 হাজাৰ কোটি টকাৰ ঋণ ঘোষণা কৰে ৷ 

সমগ্ৰ দেশত এনে 2 লাখ উদ্যোগ লাভান্বিত হ'ব ৷

1 লাখ 70 হাজাৰ কোটি টকাৰ পেকেজৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ ৷

পোনপটীয়াকৈ লাভৱান হ'ব কৃষক 

16:28 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

লোকেল ব্ৰেণ্ডক জনপ্ৰিয় কৰাৰ লক্ষ্য ৷ 

কৃষকৰ বাবে আঁচনিৰ সৰহ সংখ্যক ধন ব্যয় হ'ব ৷

ভূমি-শ্ৰম আৰু লিকুইডিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ৷

থলুৱা উদ্যোগীয়ে গুৰুত্ব লাভ কৰিব ৷ 

16:25 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

msmeখণ্ডৰ উত্থানৰ বাবে ছটা পদক্ষেপ লোৱা হ'ব ৷ 

মদগ্ৰেজ বিহীন লোণ msmeখণ্ডৰ ব্যৱসায়ীৰ বাবে আগবঢ়োৱা হ'ব ৷ 

16:21 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

লক্ ডাউনৰ সময়ত 18000 কোটি টকাৰ খাদ্য শস্য বিতৰণ কৰা হৈছে ৷ 

71738 মেট্ৰিক টন মাহ জাতীয় শস্য, 6.25 কোটি ৰেচন কাৰ্ড হিতাধিকাৰীক বিতৰণ কৰা হৈছে ৷  

কাৰ্ড নথকা সকলকো খাদ্য শস্য বিতৰণ কৰা হৈছে ৷ 

উজ্জলা যোজনাৰ অধীনত বহুতকে বিনামূলীয়া চিলিণ্ডাৰ যোগান ধৰা হৈছে ৷ 

16:16 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্জলা যোজনা, প্ৰধানমন্ত্ৰী কৃষক যোজনা আদি সকলো জনমূখী যোজনা মোডী চৰকাৰৰ মূল লক্ষ্য আছিল ৷ 

বৰ্তমান ভাৰতে বিভিন্ন দেশক ঔষধ যোগান ধৰিবলৈ সক্ষম হৈছে ৷ 

প্ৰত্যেকদিনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰশীল ভাৰতৰ বিভিন্ন খণ্ডৰ বিষয়ে বিৱৰণ দিয়া হ'ব ৷ 

16:13 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

লক্ ডাউনে দৰিদ্ৰ সকলৰ ওপৰত পেলোৱা প্ৰভাৱত দৃষ্টি নিক্ষেপ কৰা হৈছে ৷ 

জি এছ টি পুনঃগঠনৰ বাবে লক্ ডাউনৰ প্ৰভাৱ অৰ্থনীতিৰ ওপৰত কমকৈ পৰিছে ৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁ দায়িত্বলোৱাৰ দিনৰ পৰাই সম্পূৰ্ণ পুনঃ নিৰ্মাণৰ ওপৰত গুৰুত্ব দি আহিছে ৷  

16:08 May 13

20 লাখ কোটি টকীয়া পেকেজ : কি কয় নিৰ্মলা সীতাৰমণে !

বিকাশ বৃদ্ধি আৰু এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে এই পদক্ষেপ ৷ 

পাঁচটা স্তম্ভৰ ওপৰত নিৰ্ভৰশীল এই পেকেজ ৷ অৰ্থনীতি, নিৰ্মাণ, প্ৰযুক্তিৰ দ্বাৰা চালিত প্ৰক্ৰিয়া, জনগাঁথনি আৰু চাহিদা ৷ 

15:47 May 13

কেন্দ্ৰৰ 20 লাখ কোটি টকীয়া পেকেজ সম্পৰ্কত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰিছে 20 লাখ কোটি টকাৰ পেকেজ ৷ এই পেকেজ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷  

Last Updated : May 13, 2020, 5:11 PM IST

ABOUT THE AUTHOR

...view details