নতুন দিল্লী,23 জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ দোষীসকলক 1 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাত ফাঁচী দিয়া হ’ব ৷ ইতিমধ্যে এই সন্দৰ্ভত মৃত্যুদণ্ডৰ আদেশ জাৰি কৰা হৈছে ৷ সেয়ে অপৰাধী কেইজনৰ মৃত্যুৰ পূৰ্বে শেষ ইচ্ছাৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে তিহাৰ জেল কৰ্তৃপক্ষই ৷ জেল কৰ্তৃপক্ষই লগতে কয় যে,আইনৰ আওতাত থাকোতেই অপৰাধী কেইজনৰ শেষ ইচ্ছা পূৰণ কৰা হ’ব ৷ ইপিনে শাস্তিৰ দিন ঘোষণা হোৱাৰ পৰা দুজন অপৰাধীয়ে খাদ্য গ্ৰহণ কৰা বাদ দিছে ৷
তথ্য অনুসৰি 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত নিৰ্ভয়া কাণ্ডৰ বাবে আদালতে দোষীক মৃত্যুদণ্ডৰ ঘোষণা কৰে ৷ আদালতৰ নিৰ্দেশ অনুসৰিয়ে এই শাস্তি প্ৰদান কৰা হ’ব ৷ দোষী কেইজনে শেষ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব পাৰিব,যিকোনো সম্পত্তি আনৰ নামত পঞ্জীয়ন কৰিব পাৰিব,যিকোনো গ্ৰন্থৰ বাবে জেল কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে ধৰ্মগুৰু আদিক সাক্ষাৎ কৰিব পাৰিব ৷ কিন্তু অপৰাধী কেইজনৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ উত্তৰ লাভ কৰা নাই জেল কৰ্তৃপক্ষই ৷
দোষীয়ে গ্ৰহণ কৰা নাই খাদ্যঃ
তিহাৰ জেল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি নিৰ্ভয়া কাণ্ডৰ দোষীসকলৰ মৃত্যুদণ্ড ঘোষণা কৰাৰ পৰা দুজন অপৰাধীয়ে খাদ্য গ্ৰহণ কৰা এৰি দিছে ৷ অন্যতম অভিযুক্ত বিনয়ে শাস্তি ঘোষণাৰ দুদিন পিছলৈ খাদ্য গ্ৰহণ কৰা নাছিল ৷ বুধবাৰে জেল কৰ্তৃপক্ষৰ বুজনিত সামান্য খাদ্য গ্ৰহণ কৰে অপৰাধীজনে ৷ ইয়াৰ লগতে পবন নামৰ অপৰাধীজনেও পূৰ্বৰ তুলনাত খাদ্য কমাই দিছে ৷ তিহাৰ কৰ্তৃপক্ষই মুকেশ নামৰ অপৰাধীজনে ফাঁচীৰ পৰা সাৰিবলৈ ইতিমধ্যে সকলো পথ বন্ধ হৈ পৰিছে বুলি প্ৰকাশ কৰে ৷ কিয়নো ৰাষ্ট্ৰপতিয়ে অপৰাধীজনৰ ক্ষমা আবেদন কিছুদিন পূৰ্বে নাকচ কৰিছিল ৷ ইয়াৰ বিপৰীতে অন্য তিনিজন অপৰাধীৰ বাবে পুনৰীক্ষণৰ পথ খোলা আছে ৷