অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ ফাঁচীকাঠৰ পূৰ্বে আজি অন্তিমটো শুনানি - SC to Mukesh Singh's plea against dismissal of mercy plea

আজি নিৰ্ভয়া কাণ্ডৰ অন্যতম অপৰাধী মুকেশ কুমাৰ সিঙৰ ক্ষমা প্ৰাৰ্থনাৰ অন্তিম শুনানি কৰিব উচ্চতম ন্যায়ালয়ে ৷ দিনৰ 12.30 বজাত হ’ব ৰায়দান ৷

নিৰ্ভয়া কাণ্ডঃ ফাঁচীকাঠৰ পূৰ্বে আজি অন্তিমটো শুনানি
নিৰ্ভয়া কাণ্ডঃ ফাঁচীকাঠৰ পূৰ্বে আজি অন্তিমটো শুনানি

By

Published : Jan 28, 2020, 9:29 AM IST

নিউজ ডেস্ক, 28 জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধিৰ অন্যতম মুকেশ কুমাৰ সিঙৰ ক্ষমা প্ৰাৰ্থীৰ আবেদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাকচ কৰাৰ পাচতেই অন্তিমবাৰৰ বাবে আজি শুনানি হ’ব উচ্চতম ন্যায়ালয়ত ৷ যোৱা 17 জানুৱাৰীত ক্ষমা প্ৰাৰ্থীৰ আবেদন ৰাষ্ট্ৰপতিয়ে নাকচ কৰাৰ পাচত পুনৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল দোষী মুকেশ সিঙে ৷

তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে দিনৰ 12.30 বজাত এই বিষয় সন্দৰ্ভত ৰায় দিব উচ্চতম ন্যায়ালয়ত ৷ ইয়াৰ পূৰ্বে ন্যায়ালয়ে চাৰিগৰাকী দোষীৰ পৱনৰ পিতৃৰ আবেদন খাৰিজ কৰিছিল ৷ য’ত একমাত্ৰ সাক্ষীৰ ভাষ্যৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ ন্যায়ালয়েও সকলো অপৰাধীক 1 ফেব্ৰুৱাৰীৰ মৃত্যুদণ্ড ঘোষণা কৰিছিল ৷

নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ চাৰি অপৰাধীক অহা 1 ফেব্ৰুৱাৰী দিল্লীৰ তিহাৰ জেলত ফাঁচীকাঠত ওলমোৱা হ’ব ৷ চাৰি অপৰাধী ক্ৰমে হৈছে-মুকেশ সিং, পৱন কুমাৰ গুপ্তা, অক্ষয় ঠাকুৰ আৰু বিনয় শৰ্মা

উল্লেখ্য যে, 2012 চনৰ 16-17 ডিচেম্বৰৰ নিশা ছয় পাষণ্ডই দক্ষিণ দিল্লীত এখন চলন্ত বাছত গণ ধৰ্ষণ কৰিছিল 23 বছৰীয়া নিৰ্ভয়াক ৷ ইয়াৰ পাচতেই আঘাতপ্ৰাপ্ত অৱস্থাত ৰাস্তাত পেলাই দিছিল ৷ পিচত 29 ডিচেম্বৰত ছিংগাপুৰৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল নিৰ্ভয়াৰ ৷ ইয়াৰ এটা অপৰাধীয়ে পাচত তিহাৰ জেলত আত্মহত্যা কৰে ৷ আত্মহত্যা কৰা মুখ্য অভিযুক্ত জন হৈছে ৰাম সিং ৷ আনহাতে অন্য এগৰাকী অপৰাধী কিশোৰ হোৱাৰ বাবেই তিনি বছৰৰ বাবে জুভেনাইল কৰ্টলৈ প্ৰেৰণ কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details