ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক - নিৰ্ভয়াকাণ্ডৰ নতুন শুনানি

Nirbhaya case: No execution of convicts till further orders
1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক
author img

By

Published : Jan 31, 2020, 6:36 PM IST

Updated : Jan 31, 2020, 7:38 PM IST

18:27 January 31

দিল্লীৰ পাটিয়ালা হাউচ ক'ৰ্টৰ নিৰ্দেশ : 1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক ৷

in article image
1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক

নেশ্যনেল  ডেস্ক,31 জানুৱাৰী: 1ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়া কাণ্ডৰ চাৰি অভিযুক্তক ৷ ইতিমধ্যে দিল্লীৰ পাটিয়ালা হাউচ আদালতে প্ৰদান কৰিছে এই নিৰ্দেশ ৷ শুকুৰবাৰে নিৰ্ভয়া কাণ্ডৰ দুই অভিযুক্তৰ আৱেদনৰ শুনানি লোৱা হৈছিল ৷ ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে তৃতীয়জন অভিযুক্তৰ আৱেদন খাৰিজ কৰাৰ পাচত দিল্লী আদালতত  আনকেইজন অভিযুক্তই এই বুলি আৱেদন দাখিল কৰিছিল যে, অভিযুক্তকেইজনৰ নিজৰ বাকী থকা ন্যায়িক সুযোগৰ পৰিপ্ৰেক্ষিতত মৃত্যুদণ্ডৰ ৰায় অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিব লাগে ৷ 

অভিযুক্ত পক্ষৰ হৈ অধিবক্তা এ পি সিঙে কয় যে, "দিল্লী কাৰাগাৰৰ নিয়মাৱলী অনুযায়ী ক্ষমাদানৰ আৱেদনকে ধৰি আইনগত সকলো সুযোগ গ্ৰহণ নকৰালৈকে কোনো এজন অভিযুক্তকে ফাঁচী দিব পৰা নাযাব "৷ 

এই আৱেদনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰী অধিবক্তা ইৰফান আহমেদে আদালতত ক্ষোভ প্ৰকাশ কৰি কয় যে, "ন্যায় ব্যৱস্থাক উপলুঙা কৰা হৈছে আৰু অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তাসকলে আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত দীঘলীয়া সময় অবাবতে অতিবাহিত কৰিছে "৷ চাৰি অভিযুক্ত ক্ৰমে অক্ষয় ঠাকুৰ, মুকেশ সিং, পৱন গুপ্তা আৰু বিনয় শৰ্মাক ইতিমধ্যে 1 ফেব্ৰুৱাৰীত মৃত্যুদণ্ড দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ 

এই চাৰি অভিযুক্তৰ ভিতৰত মুকেশ সিঙে সকলো আইনী প্ৰক্ৰিয়াত বিমুখ হোৱাৰ লগতে ৰাষ্ট্ৰপতিৰ ওচৰত জনোৱা ক্ষমা আৱেদনো নাকচ কৰিছিল ৰাষ্ট্ৰপতিয়ে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতিয়ে নাকচ কৰা ক্ষমা আৱেদনৰ বিৰুদ্ধেও  মুকেশ সিঙে প্ৰত্যাহ্বান জনাইছিল সৰ্বোচ্চ ন্যায়ালয়ত ৷ বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে মুকেশ সিঙৰ সেই আৱেদনো প্ৰত্যাখান কৰে ৷ 

অভিযুক্ত বিনয় শৰ্মাই 29 জানুৱাৰীত ৰাষ্ট্ৰপতিৰ ক্ষমাদান বিচাৰি জনোৱা আৱেদন নাকচ হোৱাৰ পাচত 30 তাৰিখে অক্ষয় কুমাৰ সিঙে সৰ্বোচ্চ ন্যায়ালয়ত জনোৱা আৱেদনো নাকচ হয় ৷ সম্প্ৰতি অক্ষয় কুমাৰ সিঙে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন  জনোৱাৰ সম্ভাৱনা আছে ৷ 

সম্প্ৰতি অভিযুক্ত পৱন গুপ্তাই ন্যায়িক অধিকাৰ প্ৰতিপন্ন কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন জনাবলৈ বাকী আছে ৷ দিল্লী কাৰাগাৰৰ নিয়মাৱলী অনুসৰি একেটা গোচৰতে অভিযুক্তৰ এজনেও ন্যায়িক অধিকাৰ সম্পূৰ্ণ নকৰালৈকে কোনো এজন অভিযুক্তকে চৰম শাস্তি বিহিব পৰা নাযাব ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম অনুসৰি ৰাষ্ট্ৰপতিয়ে ক্ষমাদান নাকচ কৰাৰ 14 দিন সমাপ্ত নোহোৱালৈকে অভিযুক্তক চৰম শাস্তি বিহিব পৰা নাযায় ৷ 

এই গোচৰটোৰ অন্যতম অভিযুক্ত ৰাম সিঙে 2013 চনতে তিহাৰ কাৰাগাৰত আত্মহত্যা কৰিছিল ৷ গোচৰটোৰ আন এক কিশোৰ অভিযুক্তই ইতিমধ্যে তিনিবছৰ কাল অতিবাহিত কৰাৰ পাচত জুভেনাইল সংস্কাৰ গৃহৰ পৰা মুক্তি লাভ কৰে ৷  

লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্য

Last Updated : Jan 31, 2020, 7:38 PM IST

ABOUT THE AUTHOR

...view details