অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃআদালতে 17 ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখিলে মৃত্যুদণ্ডৰ শুনানি - নিৰ্ভয়া কাণ্ড

নিৰ্ভয়া কাণ্ডত জড়িত দোষীয়ে ক্ষমা আবেদন কৰাৰ পিছত ঘোষণা হ’বলগীয়া মৃত্যুদণ্ডৰ শুনানি 17 ফেব্ৰুৱাৰীলৈ দিল্লী আদালতে স্থগিত ৰাখে ৷ উল্লেখ্য যে,পূৰ্বে নিৰ্ভয়া কাণ্ডত জড়িত দোষীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত জনোৱা ক্ষমা আবেদন নাকচ কৰাত উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন দাখিল কৰিছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ত গোচৰটো দোষীয়ে আবেদন কৰাৰ পিছতেই নিৰ্ভয়াৰ পিতৃ-মাতৃয়ে এই আবেদনক প্ৰত্যাহ্বান জনাই আন এক আবেদন দিল্লীৰ আদালতত দাখিল কৰে ৷

Nirbhaya Case Delhi
নিৰ্ভয়া কাণ্ড

By

Published : Feb 13, 2020, 11:50 PM IST

নতুন দিল্লী,13 ফেব্ৰুৱাৰীঃ দেশৰ উচ্চতম ন্যায়ালয়ত নিৰ্ভয়া কাণ্ডত জড়িত দোষীয়ে ক্ষমা আবেদন কৰাৰ পিছত ঘোষণা হ’বলগীয়া মৃত্যুদণ্ডৰ শুনানি 17 ফেব্ৰুৱাৰীলৈ দিল্লী আদালতে স্থগিত ৰাখে ৷ উল্লেখ্য যে,পূৰ্বে নিৰ্ভয়া কাণ্ডত জড়িত দোষীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত জনোৱা ক্ষমা আবেদন নাকচ কৰাত উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন দাখিল কৰিছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ত গোচৰটো দোষীয়ে আবেদন কৰাৰ পিছতেই নিৰ্ভয়াৰ পিতৃ-মাতৃয়ে এই আবেদনক প্ৰত্যাহ্বান জনাই আন এক আবেদন দিল্লীৰ আদালতত দাখিল কৰে ৷ নিৰ্ভয়াৰ পিতৃ-মাতৃৰ হৈ ওকালতি আগবঢ়োৱা অধিবক্তাই এই বিষয়তো 17 ফেব্ৰুৱাৰীলৈ স্থগিত কৰাৰ সন্দৰ্ভত আপত্তি দৰ্শোৱাৰ লগতে 15ফেব্ৰুৱাৰীত শুনানি প্ৰকাশ কৰিবলৈ অনুৰোধ জনায় ৷

পাটিয়ালা হাউচ আদালতে কয় যে,সংবিধানৰ 21নং অনুচ্ছেদ অনুসৰি জীৱনৰ অন্তিম উশাহলৈকে অপৰাধীক জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাত আদালতে গুৰুত্ব আৰোপ কৰে ৷ নিৰ্ভয়া কাণ্ডত জড়িত অন্যতম অভিযুক্ত বিনয় কুমাৰ শৰ্মাৰ ক্ষমা আবেদন প্ৰত্যাখ্যান কৰাৰ বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই নিৰ্দেশ সুৰক্ষিত কৰি ৰাখে ৷

উল্লেখ্য যে,2012 চনৰ 16 ডিচেম্বৰত চলন্ত বাছৰ ভিতৰত এগৰাকী কিশোৰ সহিতে ছয়জন লোকৰ দ্বাৰা নিৰ্ভয়া কাণ্ড সংঘটিত হৈছিল ৷ পাঁচজন প্ৰাপ্তবয়স্ক অভিযুক্তৰ ভিতৰত অন্যতম ৰাম সিংহই তিহাৰ জেলত বন্দী হৈ থকা সময়তে আত্মহত্যা কৰে ৷

লগতে চাওকঃআমি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিমঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

ABOUT THE AUTHOR

...view details