অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড সন্দৰ্ভত বুধবাৰে শুনানি - চ্চতম ন্যায়ালয়

দিল্লীৰ নিৰ্ভয়া ধৰ্ষণ তথা হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা 4 জন অভিযুক্তৰ মৃত্যুদণ্ডৰ বাবে কৰা আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যয়ালয়ে বুধবাৰে শুনানি গ্ৰহণ কৰিব ৷ 18 ডিচেম্বৰলৈকে শুনানি গ্ৰহণ স্থগিত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ন্যায়াধীশজনে ৷

Nirbhaya case: Court to hear on Dec 18 plea seeking issuance of death warrants against convicts
নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড সন্দৰ্ভত বুধবাৰে শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

By

Published : Dec 13, 2019, 6:52 PM IST

নিউড ডেক্স , 13 ডিচেম্বৰঃদিল্লীৰ নিৰ্ভয়া ধৰ্ষণ তথা হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা 4 জন অভিযুক্তৰ মৃত্যুদণ্ডৰ বাবে কৰা আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যয়ালয়ে বুধবাৰে শুনানি গ্ৰহণ কৰিব ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ কুমাৰ আৰোৰাই শুকুৰবাৰে বিষয়টো ডিচেম্বৰৰ 18 তাৰিখলৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে ৷ গুৰুত্বপূৰ্ণ যে,দোষী সাব্যস্ত হোৱা এজন অভিযুক্তৰ পুনৰীক্ষণৰ বাবে কৰা আবেদন মঙলবাৰলৈকে উচ্চতম ন্যায়ালয়ত স্থগিত হৈ আছে ৷
ন্যায়াধীশজনে উল্লেখ কৰে যে "কমপক্ষেও,যেতিয়ালৈকে পুনৰীক্ষণৰ বাবে কৰা আবেদন স্থগিত ৰখা হয়, তেতিয়ালৈকে আমি অপেক্ষা কৰা উচিত" ৷ লগতে তেখেতে উল্লেখ কৰে যে,উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন স্থগিত ৰখালৈকে আমি ফলাফলৰ বাবে অপেক্ষা কৰা উচিত ৷ 18 ডিচেম্বৰলৈকে শুনানি গ্ৰহণ স্থগিত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ন্যায়াধীশজনে ৷
মৃত্যুদণ্ডৰ ৰায় সন্দৰ্ভত অভিযোগকাৰীয়ে মন্তব্য কৰে যে "আদালতে মৃত্যুদণ্ডৰ পৰোৱানা জাৰি কৰিব পাৰে,আদালতক মৃত্যুৰ পৰোৱানা জাৰি কৰাৰ ক্ষেত্ৰত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে ৷" উল্লেখযোগ্য যে,ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে 2018 চনৰ 9 জুলাইত অন্য তিনিজন দোষীয়ে কৰা আবেদন খাৰিজ কৰিছিল ৷

ABOUT THE AUTHOR

...view details