অসম

assam

ETV Bharat / bharat

কেৰালাত পুনৰ নিপাতংক - ETV BHARAT

কেৰালাত 23 বছৰীয়া যুৱকৰ তেজ পৰীক্ষাত ওলাল নিপা ভাইৰাছ ৷

কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত এজন

By

Published : Jun 4, 2019, 1:01 PM IST

এৰনাকুলাম,4 জুন: কেৰালাত 23 বছৰীয়া এজন যুৱকৰ তেজৰ নমুনাত ওলাল নিপা ভাইৰাছ ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই সদৰী কৰিছে এই তথ্য ৷ বৰ্তমান এৰনাকুলামৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন ৷

সাংবাদিকৰে সৈতে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে জনায় যে, 23 বছৰীয়া যুৱকজনৰ উপৰিও আন এগৰাকী ব্যক্তিৰ শৰীৰটো নিপা ভাইৰাছৰ লক্ষণ পৰিলক্ষিত হৈছে ৷ দুয়োজন ৰোগীক পৃথক পৃথক ৱাৰ্ডত ৰাখি চিকিৎসা কৰি থকা হৈছে ৷ লগতে জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি পৰিস্থিতি নিযন্ত্ৰণাধীন বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শত অহা আন 86 জন লোকক বৰ্তমান নজৰত ৰখা হৈছে ৷ লগতে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ কেৰেলাৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷

কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত এজন
এৰানাকুলামৰ উপায়ুক্ত মহম্মদ ছৰিফুল্লাই জানিব দিয়া অনুসৰি, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এক বিশেষ দল গঠন কৰা হৈছে ৷ লগতে বিশেষ এম্বুলেঞ্চৰ আৰু চিকিৎসালয়ত পৃথকে ৱাৰ্ডৰ ব্যৱস্থাও কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details