নিউজ ডেস্ক, 4 মাৰ্চ : বিহাৰৰ কাটিহাৰ জিলাত বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবেই নিজৰ পৰিচয়ক লৈ সংকটত ভূগিছে এটা নীলগাই ৷ 'ডিয়েৰ' নামৰ নীলগাইটো বিগত 8 বছৰে নিজৰ পৰিচয় হেৰুৱাই আৱদ্ধ হৈ ৰৈছে জিলাখনৰ বনাঞ্চলত ৷ 2012 চনত কাটিহাৰ জিলাত সংঘটিত হোৱা বানপানীৰ পিচৰে পৰাই এইদৰে আৱদ্ধ হৈ ৰৈছে নীলগাইটো ৷
'নীলগাই' নে 'ডিয়েৰ' : কাটিহাৰত পৰিচয় বিহীন হৈ পৰা নীলগাইটো - 'নীলগাই' নে 'ডিয়েৰ' : কাটিহাৰত পৰিচয় বিহীন হৈ পৰা নীলগাইটো
বিহাৰৰ কাটিহাৰ জিলাত বিগত 8 বছৰে নিজৰ পৰিচয়ক লৈ সংগ্ৰাম কৰিবলগীয়া হৈছে এটা নীলগাই ৷ 'ডিয়েৰ' নামৰ নীলগাইটো এগৰাকী পশু চিকিৎসকৰ ভুলৰ বাবেই নিজৰ পৰিচয় পত্ৰত হৰিণ হিচাপে চিহ্নিত হোৱাৰ লগতে, উচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষই নীলগাইটোৰ পৰিচয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিব পৰা নাই ৷

বানপানীৰ সময়ত স্থানীয় ৰাইজে আমদাবাদৰ পৰা উদ্ধাৰ কৰিছিল সদ্যজন্মপ্ৰাপ্ত নীলগাইটো ৷ পৰৱৰ্তী সময়ত বনাঞ্চলিক বিষয়াই নীলগাইটো কাটিহাৰলৈ লৈ আনে আৰু স্থানীয় পশু চিকিৎসকে নীলগাইটো হৰিণ বুলি নামাংকণ কৰে ৷ আৰু তেতিয়াৰ পৰাই নীলগাইটোৱে নিজৰ পৰিচয়ক লৈ সংগ্ৰাম কৰিবলগীয়া হৈছে ৷ কাটিহাৰৰ বনাঞ্চলিক বিষয়া বিএল মণ্ডলে প্ৰকাশ কৰা অনুসৰি, শীৰ্ষ মহলে নীলগাইটোৰ পৰিচয় প্ৰক্ৰিয়া পুনৰীক্ষণ নকৰালৈকে নীলগাইটোক নীলগাই হিচাপে চিহ্নিত কৰিব পৰা নাযাব ৷ শেহতীয়াকৈ নীলগাইটো ঘৰচীয়া হৈ পৰাৰ লগতে বন-বিষয়াসকলৰ সৈতে একেলগে জীৱন নিৰ্বাহ কৰি আহিছে ৷