অসম

assam

জম্মু কাশ্মীৰত নিহত সন্ত্ৰাসবাদীৰ সহযোগীৰ ঘৰত এন আই এৰ অভিযান

By

Published : Jul 30, 2020, 6:41 PM IST

বৃহস্পতিবাবে এন আই এৰ এটা দলে জম্মু কাশ্মীৰত নিহত হোৱা সন্ত্ৰাসবাদী ৰিয়াজ নাইকুৰ ঘনিষ্ঠ সহযোগী হিলাল আহমেদৰ ঘৰত চলালে অভিযান । ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত এন আই এ চলাইছিল এই অভিযান ।

NIA raids home of slain terrorist Naikoo's close aide in Jammu and Kashmir
জম্মু কাশ্মীৰত নিহত সন্ত্ৰাসবাদীৰ সহযোগীৰ ঘৰত এন আই এৰ অভিযান

নিউজ ডেস্ক,৩০জুলাই:ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এ বৃহস্পতিবাৰে এজন ট্ৰাক চালকৰ ঘৰত চলালে অভিযান । জম্মু কাশ্মীৰৰ অৱন্তিপুৰাত নিহত সন্ত্ৰাসবাদী তথা ড্ৰাগছ সৰবৰাহকাৰী ৰিয়াজ নাইকুৰ অতিকে ঘনিষ্ঠ আছিল এই ট্ৰাক চালকজন ।

জম্মু কাশ্মীৰত নিহত সন্ত্ৰাসবাদীৰ সহযোগীৰ ঘৰত এন আই এৰ অভিযান

এন আই এৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, সন্ত্ৰাস বিৰোধী এটা তদন্তকাৰী সংস্থাই পঞ্জাৱ আৰক্ষীৰ সহযোগত চলিত বছৰৰে ২৫ এপ্ৰিলত ট্ৰাক চালক হিলাল আহমেদৰ ঘৰত অভিযান চলাই ২৯ লাখৰো অধিক টকা উদ্ধাৰ কৰাৰ লগতে হিলালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । এই বুজন পৰিমানৰ ধন হিজবুল মুজাহিদ্দিনৰ মুখ্য পৰিচালন কমাণ্ডাৰ ৰিয়াজ নাইকুৰ হাতত জমা দিবৰ বাবে ঘাটিলৈ সৰবৰাহৰ সময়তে উদ্ধাৰ কৰা হৈছিল ।

সমগ্ৰ ঘটনাটো ৮ মে'ত পুনৰ পঞ্জীয়নভুক্ত কৰাৰ কথা জনাইছিল 'নিয়া'ৰ সূত্ৰটোৱে । ইয়াৰ পিছতে ৯ মে'ত হাৰিয়ানাৰ চিৰ্চাৰ বাসগৃহৰ পৰা ৰঞ্জিত সিং ওৰফে ৰানা ওৰফে চিতাক গ্ৰেপ্তাৰৰ পিছত সমগ্ৰ ঘটনাই অন্য এক মাত্ৰা লাভ কৰে ।

তাৰোপৰি পঞ্জাৱ আৰক্ষীয়ে ২৫ এপ্ৰিলত অমৃতসৰৰ পৰা হিজবুল মুজাহিদ্দিনৰ এটা সন্ত্ৰাসবাদীৰ ফাণ্ডিং মডিউল(Terror Founding Module) উৎখাত কৰিবলৈ সক্ষম হৈছিল ।

যোৱাটো বছৰত সীমান্তৰ আটাৰীত শুক্ল বিভাগৰ দ্বাৰা ৫৩২ কিল' হিৰ'ইন জব্দ হোৱা গোচৰটোৰ মূল অভিযুক্তই আছিল অমৃতসৰত আটক হোৱা ৰঞ্জিত সিং আৰু ইকবাল সিং ওৰফে চেৰা ।

জব্দ হোৱা এই বুজন পৰিমাণৰ নিচাযুক্ত পদাৰ্থখিনি পাকিস্তানৰ পৰা আমদানি কৰা খনিজ লৱণৰ পেকেটৰ ভিতৰত ভৰাই অনা অৱস্থাত শুক্ল বিভাগে চলোৱা অভিযান কালত জব্দ কৰা হৈছিল ।

আটকাধীন ৰঞ্জিত আছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এজন মূল অভিযুক্ত,যাৰ বাবে নিহত সন্ত্ৰাসবাদী ৰিয়াজ নাইকুৰ ঘনিষ্ঠ সহযোগী ৱেগেকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । কোৱা হৈছে যে,ৰঞ্জিত সিঙকে ধৰি তেওঁৰ পাঁচটাকৈ ভাতৃয়ে বহু বছৰ ধৰি ড্ৰাগছৰ চোৰাং ব্যৱসায় আৰু সৰবৰাহ কৰি আহিছিল ।

যোৱাটো বছৰৰ ২৭ ডিচেম্বৰত এন আই এয়ে মোহালিস্থিত এন আই এৰ বিশেষ আদালতত গোচৰটোৰ চাৰ্জ শ্বিট দাখিলৰ পিছতেই আদালতে ১৫জনকৈ অভিযুক্তৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল য'ত ৰঞ্জিত সিঙকে ধৰি চাৰিটা দলৰ নাম উল্লেখ আছিল ।

লগতে চাওকঃ বাৰিষা খাদ্য তালিকাৰ পৰা পৰিহাৰ কৰক সেউজীয়া শাক...

ABOUT THE AUTHOR

...view details