অসম

assam

ETV Bharat / bharat

সোণৰ চোৰাং বেহা : তিৰুৱনন্তপুৰমত নিয়াই সংগ্ৰহ কৰিছে অধিক তথ্য - সচিবালয় চৌহদ

এনআইএৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰি কৰা মতে, সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত মূল অভিযুক্ত স্বপ্না নামৰ এগৰাকী মহিলাই সোণৰ লেনদেনৰ বাবে এটা এপাৰ্টমেণ্টৰ চৌহদত থকা পাৰ্কিঙৰ স্থানটো ব্যৱহাৰ কৰি আহিছিল । এনআইএৰ দলে সন্দেহ কৰা মতে, সোণৰ চোৰাং বেপাৰখনৰ লেনদেনৰ সমগ্ৰ আলোচনা এই এপাৰ্টমেণ্টতেই অনুস্থিত হৈ আহিছিল ।

NIA gathers more evidence in gold smuggling case
সোনৰ চোৰাং বেহাক লৈ তিৰুৱনন্তপূৰমত নিয়াই সংগ্ৰহ কৰিছে অধিক তথ্য

By

Published : Aug 8, 2020, 12:06 AM IST

নিউজ ডেস্ক,৭আগষ্ট: এনআইএৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰি কৰা মতে, সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত মূল অভিযুক্ত স্বপ্না নামৰ এগৰাকী মহিলাই সোনৰ লেনদেনৰ বাবে এটা এপাৰ্টমেণ্টৰ চৌহদত থকা পাৰ্কিঙৰ স্থানটো ব্যৱহাৰ কৰি আহিছিল ।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে তিৰুৱনন্তপুৰম বিমান বন্দৰত সংযুক্ত আৰৱ আমিৰটৰ বানিজ্য দূতাবাসলৈ অনা কূটনৈতিক সামগ্ৰীৰ বেগত উদ্ধাৰ হোৱা সোণৰ চোৰাং সৰবৰাহৰ গোচৰটোৰ প্ৰসংগত অধিক তথ্য সংগ্ৰহৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

লগতে চোৰাং ভাৱে সৰবৰাহ হোৱা সোণৰ লেনদেনৰ স্থান সমূহক কেন্দ্ৰ কৰি বৰ্তমান নিয়াৰ দলে সাক্ষ্য সংগ্ৰহৰ কামো অব্যাহত ৰাখিছে ।

নিয়াৰ দলে অভিযুক্ত মহম্মদ আলি ইব্ৰাহিমক লগত লৈ তিৰুৱনন্তপুৰম হোটেল এপ'ল ডিম'ৰা আৰু হোটেল ক'ভালাম উদয় সমুদ্ৰত তথ্য সংগ্ৰহৰ বাবে চলাইছিল অভিযান । ইয়াৰ পিছতে অভিযুক্ত ইব্ৰাহিমক সচিবালয় চৌহদৰ কাষতে থকা তথ্য প্ৰযুক্তি বিভাগৰ শিৱশংকৰ নামেৰে প্ৰাক্তন সঞ্চালক এগৰাকীৰ মালিকানাধীন এপাৰ্টমেণ্টটোলৈ লৈ যোৱা হয় ।

নিয়াৰ দলে সন্দেহ কৰা মতে, সোণৰ চোৰাং বেপাৰখনৰ লেনদেনৰ সমগ্ৰ আলোচনা এই এপাৰ্টমেণ্টতেই অনুস্থিত হৈ আহিছিল । নিয়াৰ অভিযানকাৰী দলটোৰ শীৰ্ষ বিষয়াৰ মতে, এপাৰ্টমেণ্টটোৰ চৌহদত থকা পাৰ্কিঙৰ স্থানতে গ্ৰাহকৰে কৰিছিল চোৰাং সোণৰ লেনদেন ।

এপাৰ্টমেণ্ট চৌহদত তথ্য সংগ্ৰহৰ পিছতে অভিযুক্ত মহম্মদ আলি ইব্ৰাহিমক অৱশেষত পঞ্চতাৰকা হোটেল হিলটন গাৰ্ডেনলৈ লৈ যোৱা হয় । উল্লেখ্য যে, এই স্থানৰ পৰা চোৰাং ভাৱে অনা সোণৰ বেপাৰখন চলাই যাবৰ বাবে অভিযুক্ত অপৰাধী আহি তিৰুৱনন্তপুৰমত উপস্থিত হৈছিল ।

লগতে পঢ়ক : হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...

ABOUT THE AUTHOR

...view details