অসম

assam

ETV Bharat / bharat

লকডাউন : মানৱতাৰ খাতিৰত পথলৈ ওলাই অহা কেইগৰাকীমান স্বেচ্ছাসেৱক

সমগ্ৰ দেশত কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে ৷ এই সংকটৰ সময়তে বহুতেই মানৱতাৰ পৰিচয় দি বিভিন্নজনক বিভিন্নধৰণে সহায় কৰিছে ৷ দেশত লকডাউন অব্যাহত থকাৰ সময়তে বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে, বিশেষকৈ পথত থকা জীৱকুলৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাই দেখা দিয়া পৰিলক্ষিত হৈছে ৷ কিন্তু এনে সময়তে এচাম হৃদয়ৱান লোকে পথলৈ ওলাই আহি এইসমূহ জীৱ জন্তুক সহায় কৰাৰ লগতে স্বাস্থ্যসেৱাও প্ৰদান কৰিছে ৷

By

Published : Apr 14, 2020, 10:02 AM IST

মানৱতাৰ খাতিৰত পথলৈ ওলাই অহা কেইগৰাকীমান স্বেচ্ছাসেৱক
মানৱতাৰ খাতিৰত পথলৈ ওলাই অহা কেইগৰাকীমান স্বেচ্ছাসেৱক

নিউজ ডেস্ক, 14 এপ্ৰিলঃদেশত কৰ’ণা ভাইৰাছৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা লকডাউন অব্যাহত আছে ৷ এনে অৱস্থাত আজি দিনৰ ভাগত দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই সংকটৰ সময়ত বহুতেই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে যদিও সহযোগিতাৰে ভাৰতবাসীয়ে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন চলাই গৈছে ৷ ভাৰতবৰ্ষত কৰ’ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই আছে যদিও দেশবাসীয়ে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই সংগ্ৰাম চলাই গৈছে ৷

লকডাউনৰ সময়ত দেশত বিভিন্ন সমস্যাই দেখা দিলেও অত্যাৱশ্যকীয় সামগ্ৰী তথা সেৱাসমূহৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে ৷ বিভিন্নজনে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে যদিও অত্যাৱশ্যকীয় সামগ্ৰী তথা সেৱাসমূহৰ ক্ষেত্ৰত আৰোপ কৰা শিথিলতাই এই কঠিনতা কিছু হ্ৰাস কৰিছে ৷ এই সংকটৰ সময়ত বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈছে গৰাকীবিহীন পশুকুল ৷ পথৰ দাঁতিত তথা মানৱ সমাজৰ নিচেই ওচৰত থকা বিভিন্ন পশুকুলে খাদ্যৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷

এনে সময়তে এচাম হৃদয়ৱান লোকৰ ফলত পশুকুলে খাদ্যৰ লগতে স্বাস্থ্যসেৱাও লাভ কৰিছে ৷ এচাম হৃদয়ৱান লোকে পথলৈ ওলাই আহি এইসমূহ জীৱ জন্তুক সহায় কৰাৰ লগতে স্বাস্থ্যসেৱাও প্ৰদান কৰিছে ৷ একেই ঘটনা পৰিলক্ষিত হৈছে দিল্লীত ৷ দিল্লীত পথৰ দাঁতিত বাস কৰা কুকুৰসমূহে এই লকডাউনৰ সময়ছোৱাত তীব্ৰ সংকটৰ সন্মুখীন হৈছে ৷ কিন্তু এটা স্বেচ্ছাসেৱী সংগঠনে এইসমূহ কুকুৰক খাদ্য সামগ্ৰীৰ লগতে স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে ৷

লকডাউনৰ সময়ছোৱাতে দিল্লীৰ কন্নাট পেলেচৰ ওচৰত এটা স্বেচ্ছাসেৱী সংগঠনে প্ৰায় 250 টা গৰাকীবিহীন কুকুৰক খাদ্যৰ যোগান ধৰাৰ লগতে স্বাস্থ্যপৰীক্ষাও সম্পন্ন কৰি আহিছে ৷ লকডাউন ঘোষণা কৰাৰ দিনৰে পৰা সংগঠনটোৱে এইদৰে গৰাকীবিহীন কুকুৰসমূহৰ চোৱাচিতা কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শণ দাঙি ধৰিছে ৷ সংগঠনটোৰ এগৰাকী সদস্য নিখিলে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

...view details