অসম

assam

ETV Bharat / bharat

আহমেদাবাদৰ জগন্নাথ ৰথযাত্ৰা বাতিল নকৰিবলৈ বেচৰকাৰী সংস্থাৰ ন্যায়ালয়লৈ আবেদন - ৰথযাত্ৰা

কোভিড-১৯ ৰ বাবে জগন্নাথ ৰথ যাত্ৰা বাতিল কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰাৰ পিচতে সোমবাৰে এটা বেচৰকাৰী সংস্থাই ৰথযাত্ৰা বাতিল কৰা সন্দৰ্ভত আবেদন নাকচ কৰাৰ বাবে পুনৰ আবেদন জনাইছিল । সম্পূৰ্ণ নীতি-নিৰ্দেশনাৰ জৰিয়তে সীমিত সংখ্যক লোকৰ দ্ধাৰা ৰথ যাত্ৰা উলিয়াব বুলি ন্যায়ালয়ৰ আবেদন পত্ৰত উল্লেখ কৰে ।

ngo-urges-hc-to-modify-order-staying-lord-jagannath-rath-yatra
ngo-urges-hc-to-modify-order-staying-lord-jagannath-rath-yatra

By

Published : Jun 22, 2020, 11:01 PM IST

নিউজ ডেস্ক, ২২ জুন :কোভিড-১৯ ৰ বাবে জগন্নাথ ৰথ যাত্ৰা বাতিল কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰাৰ পিচতে সোমবাৰে এটা বেচৰকাৰী সংস্থাই ৰথযাত্ৰা বাতিল কৰা সন্দৰ্ভত আবেদন নাকচ কৰাৰ বাবে পুনৰ গুজৰাট উচ্চ ন্যায়ালয়ক আবেদন জনাইছে ।

সংস্থাটোৱে উচ্চতম ন্যায়ালয়ৰ আদেশক সংশোধন কৰি উক্ত দিনা ৰথ যাত্ৰা উলিয়াবলৈ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়লয়লৈ এক আবেদন প্ৰেৰণ কৰে । যিখন পত্ৰত সম্পূৰ্ণ নীতি-নিৰ্দেশনাৰ জৰিয়তে সীমিত সংখ্যক লোকৰ দ্ধাৰা ৰথ যাত্ৰা উলিয়াব বুলি ন্যায়ালয়ৰ আবেদন পত্ৰত উল্লেখ কৰে ।

উল্লেখযোগ্য যে, কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে হিন্দু ধৰ্মৰ সকলোতকৈ পবিত্ৰ আৰু বৃহৎ উৎসৱ ভগৱান জগন্নাথৰ ৰথ যাত্ৰা সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত আহমেদাবাদৰ ৰথযাত্ৰা নিষিদ্ধ কৰিছিল । যিটো উৎসৱ ২৩ জুন তাৰিখে নিদ্ধাৰণ কৰা আছিল ।

আহমেদাবাদৰ জগন্নাথ ৰথযাত্ৰা বাতিল নকৰিবলৈ বেচৰকাৰী সংস্থাৰ ন্যায়ালয়লৈ আবেদন

উক্ত ঘটনাৰ পিচতে, শনিবাৰে মুখ্য ন্যায়ধীশ বিক্ৰম নাথ আৰু ন্যায়মূত্ৰী জে বি পাৰদিবালাৰ খণ্ডপীঠত ৰথ যাত্ৰা সম্পৰ্কত প্ৰতিবন্ধকতা লগাইছিল । পৰৱৰ্তী সময়ত বেচৰকাৰী সংস্থা হিন্দু যুৱ বাহিনীৰ পক্ষৰ অধিবক্তা বিবেক ভাম্মৰেৰ জৰিয়তে পুনৰ ৰথযাত্ৰা অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰিছে । লগতে সংস্থাটোৱে দাবী কৰা অনুসৰি, আহমেদাবাদৰ ইতিহাসত ৰথ যাত্ৰা এক ঐতিহাসিক ঘটনা । ১৮৭৮ চনৰ পৰা নিৰৱিচ্চন্নভাবে এই ৰথ যাত্ৰা অনুষ্ঠিত হৈ আছে । বিগত ১৪২ বছৰত ৰথযাত্ৰা যিহেতু এবাৰো বন্ধ হোৱা নাই তেনেক্ষেত্ৰত চলিত বৰ্ষতো ৰথ যাত্ৰা উলিওৱাৰ অনুমতি বিচাৰিছে সংস্থাটোৱে ।

লগতে পঢ়ক : সোমবাৰে পুৱাৰ ভাগত দিল্লীৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাত

ABOUT THE AUTHOR

...view details