নিউজ ডেস্ক , ২৭ জানুৱাৰী : ২০২৪ চনলৈউত্তৰ-পূব সীমান্ত ৰেলৱে নিজৰ ক্ষমতা বৃদ্ধিৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে । তাৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰেলৱে ২০২৪ চনৰ মাৰ্চৰ ভিতৰত ৰেল পথ দুগুণ বৃদ্ধিৰ পৰিকল্পনা কৰিছে । লগতে ইয়াৰ ক্ষমতা বৃদ্ধিৰ বাবে তিনিটা উচ্চ ঘনত্ব নেটৱৰ্ক (এইছডিএন) আৰু দুটা উচ্চ ব্য়ৱহাৰ যোগ্য় নেটৱৰ্ক (এইচইউএন)ৰ পথ চিনাক্ত কৰিছে ।
এইছডিএন পথবোৰ ক্ৰমে নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ আগিয়াথৰীলৈ, অম্বৰী ফালাকাটাৰ পৰা নিউ ম্য়ানাগুৰীলৈ আৰু নিউ ম্য়ানাগুৰীৰ পৰা গুমণিহাট শাখালৈ । আনহাতে এইচইউএন দুটা হ'ল নিউ বঙাইগাঁওৰ পৰা গোৱালপাৰা হৈ কামাখ্য়ালৈ আৰু দিগাৰুৰ পৰা হোজাই শাখালৈ । ভাৰতীয় ৰেলৱে শেহতীয়াকৈ প্ৰকাশ কৰা দষ্টাবেজ 'ভিজন ২০২৪' অনুসৰি ২০২৪ চনৰ ভিতৰত ২০২৪ মেট্ৰিকটন মালবাহী লোডিঙৰ লক্ষ্য়ৰে এই পৰিকল্পনা হাতত লৈছে । ২০২৪ চনৰ ভিতৰত লামডিঙৰ পৰা ফৰকাটিঙলৈ দ্বৈত ৰেলপথ নিৰ্মাণৰো লক্ষ্য় আছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ।
লগতে কাটিহাৰৰ পৰা কুমেদপুৰ আৰু কাটিহাৰৰ পৰা মুকুৰীলৈ দ্বৈত ৰেল পথ সম্প্ৰসাৰণৰ কাম চলি আছে । ইয়াৰ লগে লগে ২০২৪ চনৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত ফৰকাটিং পৰ্যন্ত একোটাকৈ দ্বৈত ৰেল পথ নিৰ্মাণ হ'ব যাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৰেল চলাচলৰ সুবিধা হ'ব ।