মালিগাঁও, 1 জুনঃ সোমবাৰৰ পৰা পুনৰ যাত্ৰীবাহী ৰে'ল সেৱাৰ চলাচল আৰম্ভ উত্তৰ-পূৱ সীমান্ত ৰে'লেৱেৰ । প্ৰাৰম্ভিক পৰ্যায়ত তিনিখনকৈ ৰে'লৰ চলাচল আৰম্ভ কৰা হয় উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ফালৰ পৰা। আৰম্ভ কৰা প্ৰথমখন ৰে'ল হৈছে 02067/02068 গুৱাহাটী-যোৰহাটলৈ যোৱা জনশতাব্দীএক্সপ্ৰেছ(বিশেষ), দ্বিতীয়খন হৈছে 05955 ডিব্ৰুগড়-দিল্লী ব্ৰহ্মপুত্ৰ মেইল(বিশেষ) আৰু তৃতীয়খন ৰে'ল হৈছে 05483 আলিপুৰ জংচন-দিল্লী মাহানন্দা এক্সপ্ৰেছ(বিশেষ) ।
1 জুনৰ পৰা দেশত আৰম্ভ 200 খন যাত্ৰীবাহী ৰে'লৰ চলাচল আনহাতে অন্যান্য় বিশেষ ৰে'ল 05646 গুৱাহাটী-লকমান্য়াতিলক এক্সপ্ৰেছগুৱাহাটীৰ পৰা ৩ জুনৰ পৰা চলাচল কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে, সমগ্ৰ ভাৰতে আজিৰ পৰা যাত্ৰীবাহী ৰে'ল সেৱাৰ আৰম্ভ কৰা হৈছে । প্ৰথম অৱস্থাত 200 খন যাত্ৰীবাহী ৰে'ল (100 জোৰা)ৰ সংঞ্চালন কৰা হৈছে সমগ্ৰ দেশতে । এই সকলোবোৰ ৰে'লৰ টিকটৰ পঞ্জীয়ন যোৱা 21/05/2020 ত আৰম্ভ কৰা হৈছিল । উল্লেখ্য যে, ১ ৰ পৰা 30 জুন পৰ্যন্তলৈ প্ৰায় 26 লাখ লোকে আগতীয়াকৈ টিকট পঞ্জীয়ন কৰা বুলি জানিবলৈ দিয়ে ৰে'ল বিভাগে ।
পুনৰ যাত্ৰীবাহী ৰে'ল সেৱা আৰম্ভ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এই সকলোবোৰ ৰে'ল শীত-তাপ নিয়ন্ত্ৰক আৰু অ-শীত-তাপ নিয়ন্ত্ৰক শ্ৰেণীৰ । আনহাতে সাধাৰণ ডবা সমূহ সংৰক্ষিত ৰখা হৈছে । সকলোবোৰ ৰে'লতে যাৱতীয় সুৰক্ষা সামগ্ৰী থকাৰ লগতে চেনিটাইজ কৰি থকাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰে'ল বিভাগৰ পৰা । আনহাতে যাত্ৰী সকলেও মাস্ক পৰিধান কৰাটো বাধ্য়তামূলক ।
ইয়াৰ পূৰ্বে বিশেষ শ্ৰমিক ৰে'ল সেৱা হিচাপে 1 মে' ৰ 12 মে' পৰ্যন্তলৈ প্ৰায় 30 খন ৰে'ল চলোৱা হৈছিল দেশত ।