নিউজ ডেস্ক, 24 অক্টোবৰ :কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে শুকুৰবাৰে কয় যে, পৰৱৰ্তী তিনি মাহৰ ভিতৰত দেশত ক'ভিড-19 পৰিস্থিতি নিৰ্ধাৰণ কৰাত সহায়ক হ'ব আৰু যদিহে সকলোৱে সাৱধানতা তথা নীতি-নিয়ম পালন কৰে তেতিয়াহ'লে আগন্তক মহোৎসৱ আৰু শীতকালত ক'ভিড-19 ক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম ৷
উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত ভাষণ দি বৰ্ধনে কয় যে, ক'ভিড-19 ৰ সৈতে যুদ্ধ কৰাৰ বাবে আমি উপযুক্ত ব্যৱস্থা হাতত লোৱা হৈছে । গতিকে, আমি যদিহে সাৱধানতা আৰু নীতি-নিয়ম পালন কৰো তেতিয়াহ'লে আমি কৰ'ণাক প্ৰতিহত কৰিব পাৰিম বুলি উল্লেখ কৰে ৷ ইফালে, উত্তৰ প্ৰদেশত কৰ'ণা প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৰ বাবে চৰকাৰক ধন্যবাদ জনায় ৷