নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : দেশৰ উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুয়ে বুধবাৰে ৰাজ্যসভাৰ সদস্যসকলক কয় যে, কৰ'ণা ভাইৰাছৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কৰা হ'ব ৷ ইয়াৰোপৰি, স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আশা কৰাৰ লগতে কৰ'ণা ভাইৰাছ নিৰ্মূল কৰিবৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাই যোগাত্মক ফলাফল দেখুৱাইছে বুলি নাইডুয়ে মন্তব্য কৰে ৷
ৰাজ্যসভাৰ অধ্যক্ষ নাইডুয়ে 'Mission Connect'ৰ অধীনত ৰাজ্যসভাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে ৷ লকডাউনৰ এই সময়ছোৱাত 'Mission Connect'ৰ অধীনত তেওঁ বহুসংখ্যক সাংসদৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী, বৰ্তমানৰ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল আৰু বিভিন্ন দলৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে ৷
সূত্ৰই জানিবলৈ দিয়ে যে, ৰাজ্যসভাৰ কিছুসংখ্যক সদস্যই তেওঁক পৰৱৰ্তী অধিৱেশন সম্পৰ্কত প্ৰশ্ন কৰাত তেওঁ কয়, "এয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল ৷ ভাইৰাছবিধ প্ৰতিৰোধৰ বাবে দেশত গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ফলাফল প্ৰদৰ্শন কৰিছে ৷"