অসম

assam

ETV Bharat / bharat

মুম্বাইত ৫০ গৰাকীকৈ সাংবাদিক কোভিড-১৯ত আক্ৰান্ত হোৱাটো দুৰ্ভাগ্যজনক - স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ যুটীয়া সচিব

দেশৰ স্বাস্থ্য আৰুি পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব লব আগৰৱালে মুম্বাইত ৫০ গৰাকী সাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱা ঘটনাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে। মহাৰাষ্ট্ৰত ৪,২০০ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিচতে মুম্বাইত এই সংখ্যা হয়গৈ ২,৩০০ গৰাকী ।

মুম্বাইত ৫০ গৰাকীকৈ সাংবাদিক কোভিড-১৯ত আক্ৰান্ত হোৱাটো দুৰ্ভাগ্যজনক
মুম্বাইত ৫০ গৰাকীকৈ সাংবাদিক কোভিড-১৯ত আক্ৰান্ত হোৱাটো দুৰ্ভাগ্যজনক

By

Published : Apr 21, 2020, 4:05 PM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ মুম্বাইত ৫০ গৰাকী সাংবাদিক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

"সাংবাদিকসকল কোভিড-১৯ত আক্ৰান্ত হোৱাট বহুতেই দুৰ্ভাগ্যজনক। যেতিয়া আপোনালোকে নিজৰ কৰ্তব্য পালন কৰি থাকে,অনুগ্ৰহ কৰি সাৱধানতা গ্ৰহণ কৰিব,সামাজিক দুৰত্ব অৱলম্বন কৰিব আৰু মুখত মাস্ক পৰিধান কৰিব ।" কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সটিব লভ আগৰৱালে এইদৰে উল্লেখ কৰে ।

লগতে পঢ়কঃসাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছ !

উল্লেখ্য যে,মুম্বাইত সৰ্বাধিক সংখ্যক ৫০গৰাকী সাংবাদিকৰ দেহত ইতিমধ্যে কোভিড-১৯ৰ লক্ষণ ধৰা পৰিছে আৰু তেওঁলোকক মুম্বাই পৌৰসভাৰ উদ্যোগত আছুতীয়াকৈ ৰখা হৈছে ।

যুটীয়া সচিবগৰাকীয়ে লগতে উল্লেখ কৰি কয় যে,কেন্দ্ৰই ৰাজ্য আৰু জিলা প্ৰশাসনৰ সৈতে সংযোগত আছে আৰু প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তিনিটাকৈ দল মহাৰাষ্ট্ৰৰ পুণে,মুম্বাই আৰু এটা দলে মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছে ।

লগতে পঢ়কঃবিখ্যাত কাশ্মীৰী ফটো সাংবাদিকৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

ABOUT THE AUTHOR

...view details