অসম

assam

ETV Bharat / bharat

কৃষকৰ বাবে 3000 টকাৰ পেঞ্চন আঁচনি - পেঞ্চন

কৃষকৰ বাবে বিশেষ আঁচনি চৰকাৰৰ ৷ মাহে 3000 টকাৰ পেঞ্চনৰ আঁচনি মুকলি কৃষকৰ বাবে ৷

কৃষকৰ বাবে চৰকাৰৰ নতুন পেঞ্চন আঁচনি

By

Published : Jun 21, 2019, 11:15 PM IST

Updated : Jun 21, 2019, 11:45 PM IST

নতুন দিল্লী,21 জুন :ষাঠি উৰ্ধৰ কৃষকৰ সামাজিক সুৰক্ষাৰ বাবে বাবে প্ৰতিমাহে 3000 টকাৰ পেঞ্চনৰ আঁচনি চৰকাৰৰ ৷ শুকুৰবাৰে চৰকাৰে ৰাজ্যসভাত প্ৰকাশ কৰে এই তথ্য ৷

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে প্ৰকাশ কৰা অনুসৰি সকলো শ্ৰেণীৰ কৃষকেই কিছু চৰ্ত সাপেক্ষে এই আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰিব ৷ কৃষকসকলৰ বৃদ্ধ বয়সত কিছু সকাহ দিবৰ বাবে তথা সমাজত কিছু নিৰাপত্তা প্ৰদানৰ বাবে চৰকাৰে এই আঁচনি মুকলি কৰিছে বুলি তেওঁ মন্তব্য কৰে ৷

আঁচনিখনৰ নিয়ম অনুসৰি 18 ৰ পৰা 40 বছৰৰ বয়সৰ মাজৰ বয়সৰ কৃষক সকলে এই আঁচনি গ্ৰহণ কৰিব পাৰিব ৷ আঁচনিগ্ৰহণ কৰা কৃষকসকলে 60 বছৰ বয়সৰ পৰা প্ৰতিমাহে লাভ কৰি 3000 টকা ৷ এল আই চিৰ পেঞ্চন আঁচনিৰ জৰিয়তে এই আঁচনি কৃষকসকলে গ্ৰহণ কৰিব পাৰিব ৷

এই আঁচনি গ্ৰহণ কৰা কৃষককলে মুঠ 29 বছৰত প্ৰত্যেক মাহে এশ টকাকৈ এই আঁচনিৰ জৰিয়তে জমা ৰাখিলে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব সমান সংখ্যক ধন ৰাশি ৷ 2021 আৰু 2022 বিত্তীয় বৰ্ষ পৰ্যন্ত এই আঁচনিত 10,774.50 কোটি টকা বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

Last Updated : Jun 21, 2019, 11:45 PM IST

ABOUT THE AUTHOR

...view details