নিউজ ডেস্ক, 18 ডিচেম্বৰ: বুধবাৰে উচ্চতম ন্যায়ালয়ৰ এক নৱগঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব দেশ কঁপাই যোৱা 2012 চনৰ নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত অক্ষয় কুমাৰ সিঙে দাখিল কৰা পুনৰীক্ষণ আৱেদনৰ ৷ এই পুনৰীক্ষণ আৱেদনৰ শুনানি মুখ্য ন্যায়ধীশ এছ এ বোবডেই লোৱাৰ কথা আছিল যদিও ব্যক্তিগত কাৰণত তেওঁ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ তাৰ পাছতেই এই আৱেদনৰ শুনানিৰ বাবে ন্যায়ধীশ আৰ. বানোমাথি, অশোক ভূষণ, আৰু এছ এ বোপান্নাৰ দ্বাৰা এক তিনিজনীয়া নতুন বিচাৰপীঠ গঠন কৰা হয় ৷ 2017 চনতেই অভিযুক্ত অক্ষয়ে তেওঁৰ বিৰুদ্ধে থকা মৃত্যুদণ্ডৰ ৰায়ৰ সংশোধন আৰু শিথিলতা বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল ৷
উল্লেখযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে 2013 চনতেই নিৰ্ভয়া কাণ্ডৰ অভিযুক্তসকলক মৃত্যুদণ্ডৰ ৰায়দান দিছিল ৷ এই ৰায়দানৰ পাছতে অক্ষয়ৰ বাদে আন অভিযুক্ত সকলে তেওঁলোকৰ শাস্তি পুনৰীক্ষণৰ দাবীত সব্বোৰ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে তেওঁলোকৰ আৱেদন অগ্ৰাহ্য কৰিছিল ৷ কিন্তু মনকৰিবলগীয়া যে, এই আৱেদন অগ্ৰাহ্য কৰা ন্যায়ধীশ সকলৰ মাজত অন্যতম আছিল ন্যায়ধীশ আৰ. বানোমাথি আৰু অশোক ভূষণ ৷