অসম

assam

ETV Bharat / bharat

ভাৰতৰ নতুন কূটনৈতিক নিযুক্তি : চীনৰ সম্প্ৰসাৰণবাদ, তালিবানৰ বিৰুদ্ধে নতুন কৌশল - বাংলাদেশ

এই মাহত ভাৰতে ঘোষণা কৰা তিনিটা নতুন কূটনৈতিক নিযুক্তিয়ে চীনৰ সম্প্ৰসাৰণবাদী কাৰ্যকলাপ, পূব দিশত চুবুৰীয়াৰ সংখ্যা বৃদ্ধিৰ লগতে আফগানিস্তানৰ ওপৰত তালিবানৰ প্ৰভাৱৰ ক্ৰমবৰ্দ্ধিত আধিক্যৰ বিৰুদ্ধে নতুন দিল্লীয়ে নতুন কৌশলৰ ৰচনা কৰা বুলি ক’ব পাৰি ।

New Indian diplomatic appointments
New Indian diplomatic appointments

By

Published : Jul 25, 2020, 8:01 AM IST

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব (আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু সন্মিলন) বিক্ৰম দৈৰাস্বামীক বাংলাদেশৰ নতুন উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়াৰ লগতে দক্ষিণ পূব এছিয়াৰ দেশৰ সন্মিলন আছিয়ানৰ জাকাৰ্টাস্থিত আঞ্চলিক কাৰ্যালয়ত ভাৰতৰ প্ৰতিনিধি হিচাপে কৰ্মৰত ৰুদ্ৰেন্দ্ৰ টেণ্ডনক আফগানিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয় সচিব (আমেৰিকা) গৌৰাংগলাল দাসক টাইৱানত ভাৰত-টাইপেই এচ’ছিয়েশ্বনৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।

লাডাখত চীনৰ সৈতে ভাৰতৰ সংঘৰ্ষ, দক্ষিণ এছিয়া, দক্ষিণ চীনা আৰু পূব চীনা সাগৰত বেইজিঙৰ আধিপত্যবাদী মনোবৃত্তি, আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়াত তালিবানৰ ক্ৰমশঃ বৃদ্ধি পোৱা প্ৰভাৱৰ সময়তে এই তিনিটা পদত নতুন নিযুক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে । দক্ষিণ এছিয়াত আধিপত্য বিস্তাৰৰ উদ্দেশ্যে বেইজিঙে ঢাকাক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে ১৯৯২ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া দৈৰাস্বামীয়ে বাংলাদেশলৈ যাত্ৰা কৰিব । ভাৰতৰ পূব প্ৰান্তৰ চুবুৰীয়া দেশখনত চীনে প্ৰতিৰক্ষাৰ প্ৰকল্পৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাইছে । পেকুৱা, কক্সবাজাৰত বি এন এছ শ্বেইখ হাছিনা ছাবমেৰিন বেছ নিৰ্মাণ, বাংলাদেশৰ নৌসেনাক দুখন ছাবমেৰিন প্ৰদান আদি এই প্ৰচেষ্টাৰ অংশ বুলি ক’ব পাৰি ।

ভাৰতৰ বাবে চিন্তনীয় আন এটা বিষয় হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই চীনা ৰাষ্ট্ৰপতি জিনপিঙৰ বি আৰ আই অৰ্থাৎ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভো গ্ৰহণ কৰিছে । যিহেতু বি আৰ আইৰ অন্যতম এটা প্ৰকল্প চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চি পি ই চি) পাক-অধিকৃত কাশ্মীৰেৰে পাৰ হয় সেয়ে ভাৰতে বি আৰ আইত অন্তৰ্ভুক্ত হ’বলৈ নাকচ কৰিছে । সৰু-সৰু দেশসমূহক ঋণৰ জালত বন্দী কৰাৰ বাবে জিনপিঙৰ এই বি আৰ আই প্ৰকল্পক বিশ্বৰ বিভিন্ন দেশে সমালোচনা কৰিছে । যদিও দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত বাংলাদেশৰ সৈতে ভাৰতৰ মধুৰ সম্পৰ্ক আছে, তথাপি বাংলাদেশে বংগোপ সাগৰত চীনৰ সাগৰীয় যাতায়তৰ পৰিকল্পনাক সহায় কৰাৰ বাবে সন্মত হৈছে ।

ভাৰতৰ বাবে উদ্বিগ্নতাৰ আন এটা কাৰণ হৈছে বাংলাদেশৰ চৰকাৰী চিকিৎসা গৱেষণা সংস্থাই চীনৰ চিনোভেক বায়’টেক কোম্পানীয়ে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা ক’ভিড-১৯ ৰ সম্ভাব্য প্ৰতিষেধকৰ তৃতীয় স্তৰৰ পৰীক্ষাত অনুমোদন জনাইছে । বিগত বৰ্ষৰ অক্টোবৰ মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত নতুন দিল্লী আৰু ঢাকাৰ মাজত সাতখন চুক্তি আৰু তিনিটা প্ৰকল্প স্বাক্ষৰিত আৰু চূড়ান্ত হোৱাৰ পাছতো বাংলাদেশে চীনৰ সৈতে এনেদৰে বন্ধুত্ব স্থাপন কৰিছে ।

বিক্ৰম দৈৰাস্বামী

এই চুক্তিসমূহৰ ভিতৰত আছে ভাৰতৰ সৈতে (বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে) যোগাযোগৰ বাবে বাংলাদেশৰ চট্টোগ্ৰাম আৰু মংলা বন্দৰৰ ব্যৱহাৰ, ভাৰতৰ ত্ৰিপুৰাৰ সোণামূৰা আৰু বাংলাদেশৰ দৌদকান্তিৰ মাজত বাণিজ্যিক জলপথে চলাচল আৰু দিল্লীয়ে ঢাকাক আঠ বিলিয়ন জলাৰৰ ঋণ প্ৰদানৰ বাবে কৰা চুক্তি । দুয়োখন দেশৰ মানুহৰ মাজত যোগাযোগ আৰু বাণিজ্য বৃদ্ধিৰ উদ্দেশ্যে ৰে’লপথৰ লগতে যাতায়তৰ আন মাধ্যমসমূহো পুনৰ সক্ৰিয় কৰাৰ বাবে ভাৰত আৰু বাংলাদেশে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে । তিনিটা প্ৰকল্পৰ ভিতৰত আছে— বাংলাদেশৰ পৰা ভাৰতলৈ এল পি জিৰ আমদানি, ঢাকাৰ ৰামকৃষ্ণ মিছনত এটা বিবেকানন্দ ভৱন (ছাত্ৰাবাস) আৰু বাংলাদেশৰ খুলনাত থকা ইনষ্টিটিউশ্বন অৱ্ ডিপ্লমা ইঞ্জিনীয়াৰ্ছ বাংলাদেশত (আই ডি ই বি) বাংলাদেশ-ইণ্ডিয়া প্ৰফেশ্বনেল স্কিল ডেভলপমেণ্ট ইনষ্টিটিউট (বি আই পি এছ ডি আই) স্থাপন ।

গতিকে ঢাকাক প্ৰলোভিত কৰাৰ বাবে বেইজিঙৰ চেষ্টাক প্ৰতিহত কৰাৰ বাবে দৈৰাস্বামীক বাংলাদেশলৈ উচ্চায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা বুলি গণ্য কৰিব পাৰি । মাণ্ডাৰিন আৰু ফৰাচী ভাষাত দখল থকা বিষয়াগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত যুটীয়া সচিব (আমেৰিকা) আৰু ইণ্ডো-পেচিফিকৰ মুৰব্বী হিচাপেও ইয়াৰ পূৰ্বে দায়িত্ব পালন কৰিছিল । জাপানৰ পূব উপকূলৰ পৰা আফ্ৰিকাৰ পূব উপকূললৈ বিস্তৃত চীনৰ ক্ৰমবৰ্দ্ধমান প্ৰভাৱৰ বিৰুদ্ধে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্ত স্থাপনৰ হকে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতৰে গঠিত গোটটোৱে কাম কৰি আহিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ১৯৯৯ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগলাল দাসক টাইৱানলৈ ভাৰতৰ নতুন প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰা সিদ্ধান্তক নতুন দিল্লীৰ আন এটা কৌশল হিচাপে চাব পাৰি । দক্ষিণ চীন সাগৰ আৰু জাপানৰ সীমান্তৱৰ্তী ছেনাকাকু দ্বীপৰ কেউদিশে থকা জলস্তৰত চীনৰ আগ্ৰাসন, টাইৱানৰ আকাশত চীনৰ যুদ্ধ বিমানৰ অনুপ্ৰৱেশ আদি বিষয়ে চৰ্চা লাভ কৰাৰ সময়তে দাসক এই নতুন পদত নিযুক্তি দিয়া হৈছে ।

বুধবাৰে টাইৱানৰ বৈদেশিক মন্ত্ৰী ছেফ্ ৱুয়ে কোৱা অনুসৰি পূব এছিয়াৰ দ্বীপ ৰাষ্ট্ৰখন দখল কৰাৰ বাবে চীনে সামৰিক প্ৰস্তুতি আৰম্ভ কৰিছে । শেহকীয়াকৈ চীনে নৌসেনাৰ ড্ৰিল চলোৱাৰ লগতে টাইৱানৰ আকাশমাৰ্গতো আগ্ৰাসন চলাইছে । এক চীনা নীতিৰ ফলত ভাৰত আৰু টাইৱানৰ মাজত আনুষ্ঠানিকভাৱে কূটনৈতিক সম্পৰ্ক নাই যদিও ভাৰত-টাইপেই এছ’চিয়েশ্বনৰ জৰিয়তে নতুন দিল্লীয়ে টাইপেইত নিজকে প্ৰতিনিধিত্ব কৰি আহিছে । এই সংস্থাটোৰে নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে গৌৰাংগলাল দাসক । সামন্তাৰলভাৱে নতুন দিল্লীত এই দ্বীপ ৰাষ্ট্ৰখনে টাইৱান অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে প্ৰতিনিধিত্ব কৰে ।

গৌৰাংগলাল দাস

ৰাষ্ট্ৰপতি চাই ইং-ৱেনৰ নেতৃত্বত টাইৱানে নতুন ছাউথবাউণ্ড নীতি গ্ৰহণ কৰিছে । এই নীতিৰ আধাৰত দক্ষিণ পূব এছিয়া, দক্ষিণ এছিয়া, অষ্ট্ৰেলেছিয়াৰ ওঠৰখন দেশৰ ভিতৰত ভাৰতৰ সৈতেও টাইৱানে সহযোগিতা আৰু বিনিময় বৃদ্ধি কৰিব বিচাৰিছে । মাণ্ডাৰিন ভাষাত দখল থকা দাসে বেইজিংস্থিত ভাৰতীয় দূতাবাসত দুবাৰকৈ নিয়োজিত হৈ আছিল । তেওঁ মনমোহন সিঙৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপ-সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৱাশ্বিংটনত ভাৰতীয় দূতাবাসৰ কাউন্সিলৰ হিচাপেও দায়িত্ব পালন কৰিছিল ।

আনহাতে, আফগানিস্তানত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে টেণ্ডনক নিযুক্তি দিয়া বিষয়টোৰ ওপৰতো পৰ্যবেক্ষকসকলে অতি মনোযোগেৰে দৃষ্টি নিক্ষেপ কৰিছে । আফগান তালিবানৰ শক্তিকেন্দ্ৰৰ পৰিৱৰ্তনৰ মাজতে এই নতুন নিযুক্তি দিয়া হৈছে । আফগানিস্তানত শান্তি প্ৰক্ৰিয়া চলি থকাৰ পৰিপ্ৰেক্ষিতত আমেৰিকান সৈন্য বাহিনীক দেশখনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । খবৰ অনুসৰি তালিবানৰ সৰ্বোচ্চ নেতা হিবাতুল্লা আখুন্দজাদা ক’ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু সম্ভৱতঃ তেওঁৰ মৃত্যুও হৈছে ।

পাকিস্তান সমৰ্থিত হাক্কানী নেটৱৰ্কৰ মুৰব্বী আৰু তালিবানৰ উপ-মুৰব্বী ছিৰাজুদ্দিন হাকানীও কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে । ইয়াৰ ফলত আন এগৰাকী নেতা মহম্মদ ইয়াকুবে সংগঠনটো পৰিচালনাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে । জানিব পৰামতে ইয়াকুবে আমেৰিকাৰ সৈতে শান্তি প্ৰক্ৰিয়াক সমৰ্থন কৰে আৰু ভাৰতৰ সৈতে বুজাবুজি কৰাৰ পক্ষেও আগ্ৰহী ।

ৰুদ্ৰেন্দ্ৰ টেণ্ডন

শান্তি প্ৰক্ৰিয়াৰ কালছোৱাত তালিবানৰ সৈতে আলোচনা নকৰাৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে স্থিতি গ্ৰহণ কৰিছে । আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়া আফগানৰ নেতৃত্বত, আফগানৰ স্বত্বাধীন আৰু আফগান নিয়ন্ত্ৰণাধীন হ’ব লাগে বুলি নতুন দিল্লীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে ।

যদিও আফগানিস্তানক আটাইতকৈ বেছি সাহায্য প্ৰদান কৰা দেশখন হৈছে ভাৰতবৰ্ষ, তথাপি বহুপাক্ষিক শান্তি আলোচনাৰ পৰা নতুন দিল্লীয়ে আঁতৰি আছে । এই আলোচনাত আমেৰিকাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে । একে সময়তে এই ক্ষেত্ৰত ভাৰতৰ সমৰ্থন আদায় কৰাৰ বাবেও ৱাশ্বিংটন আগ্ৰহী । আফগানিস্তানৰ আলোচনাৰ বাবে আমেৰিকাৰ বিশেষ প্ৰতিনিধি জালমি খালিজাদে নতুন দিল্লীৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।

গতিকে যুদ্ধবিধ্বস্ত দেশখনত ভাৰতে নতুন প্ৰতিনিধি নিয়োগ ৰপা বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । টেণ্ডনে কাবুলৰ ভাৰতীয় দূতাবাসত নিয়োজিত থকাৰ লগতে জালালাবাদত কাউন্সেল জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে । তেওঁ আফাগানিস্তান বিষয়ত বিশেষজ্ঞ হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত পৰিচিত । একেদৰে মন্ত্ৰালয়ৰ পাকিস্তান-আফগানিস্তান-ইৰান ডেস্কতো তেওঁ যুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰিছে ।

- অৰুণিম ভূঞা

লগতে পঢ়ক :ZOOMয়ে বেংগালুৰুত স্থাপন কৰিব এটা নতুন প্ৰযুক্তি কেন্দ্ৰ

ABOUT THE AUTHOR

...view details