অসম

assam

ETV Bharat / bharat

কাশ্মীৰ সন্দৰ্ভত নতুন দিল্লীৰ নীতি - New Delhi's perception management in Kashmir

হেপ্পীমুন জেকব, সহযোগী অধ্যাপক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, সংগঠন আৰু নিৰস্ত্ৰীকৰণ কেন্দ্ৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

কাশ্মীৰ সন্দৰ্ভত নতুন দিল্লীৰ নীতি
কাশ্মীৰ সন্দৰ্ভত নতুন দিল্লীৰ নীতি

By

Published : Jan 26, 2020, 5:57 PM IST

বিগত বৰ্ষৰ আগষ্টত জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ প্ৰতি (পূৰ্বতে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা বিলোপ কৰি জম্মু-কাশ্মীৰক দুখন পৃথক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ভাগ কৰা হয়) আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিক্ৰিয়াবোৰক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাছিল যদিও সদ্যহতে নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰখনে সূক্ষ্মভাৱে ইয়াৰ নীতিসমূহ সলনি কৰি আছে । কাশ্মীৰত নিৰাপত্তা বেষ্টনীৰ মাজত এক অচলাৱস্থাই বিৰাজ কৰা প্ৰায় পাঁচ মাহ অতিক্ৰম কৰিলে আৰু লাহে লাহে বাধা-নিষেধবোৰ আঁতৰাবলৈ আৰম্ভ কৰা হৈছে । প্ৰায় পাঁচ মাহ ধৰি অপ্ৰত্যাশিত ইন্টাৰনেট সেৱা বন্ধ হৈ থকাৰ পাছত সীমাবদ্ধতাৰে আংশিকভাৱে ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হৈছে ।

কূটনীতিবিদৰ ভ্ৰমণঃ
অলপতে ভাৰত চৰকাৰে দিল্লীস্থ বিদেশী কূটনীতিবিদসকলক কাশ্মীৰৰ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে সাক্ষাৎ কৰোৱাৰ উদ্দেশ্যে এক ভ্ৰমণৰ আয়োজন কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰ, বাংলাদেশ, ভিয়েটনাম, নোৰৱে, মালদ্বীপ, দক্ষিণ কোৰিয়া, মৰক্কো, নাইজেৰিয়া, আৰ্জেণ্টিনা,ফিলাপাইনছ আদি দেশৰ কূটনীতিবিদসকলক কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ এই ভ্ৰমণত লৈ যোৱা হৈছিল ।

নিৰ্দিষ্ট কিছুসংখ্যক সাংবাদিক, ৰাজনৈতিক নেতা আৰু ৰাজহুৱা কৰ্মীৰ সৈতেহে কূটনীতিবিদসকলক বাৰ্তালাপ কৰিবলৈ অনুমতি দিয়া হৈছিল । প্ৰত্যাশিতভাৱে তেওঁলোকক কাশ্মীৰৰ হাই-প্ৰফাইল ৰাজনৈতিক বন্দী বা কোনো ৰাজনৈতিক কাৰাবাসীক লগ কৰিবলৈ দিয়া হোৱা নাছিল । তেওঁলোকে সাক্ষাৎ কৰা অধিকাংশ লোকে কাশ্মীৰক শান্ত বুলি দাবী কৰাৰ লগতে আগষ্টৰ পৰা এটাও গুলী ফুটোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে । একেখিনি কথাকে নতুন দিল্লীয়ে তেওঁলোকৰ কাশ্মীৰ নীতিৰ ন্যায্যতা প্ৰদান কৰিবলৈ কৈ আহিছে ।

কেন্দ্ৰীয় চৰকাৰৰ কিছুসংখ্যক মন্ত্ৰীয়ে শীঘ্ৰে কাশ্মীৰ ভ্ৰমণ কৰিব বুলিও চৰকাৰে অলপতে ঘোষণা কৰিছিল । নতুনকৈ সৃষ্টি কেন্দ্ৰীয়শাসিত অঞ্চল দুটাত কেন্দ্ৰই গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপবোৰৰ বিষয়ে তেওঁলোকে ৰাইজক জনাব ।

এয়া সঁচাকৈয়ে সময়োচিত পদক্ষেপ । কূটনীতিবিদসকলৰ ভ্ৰমণৰ লগতে মন্ত্ৰীসকলৰ ভ্ৰমণৰ দ্বাৰা কাশ্মীৰৰ পৰিস্থিতি যে স্বাভাৱিক হ’বলৈ ধৰিছে তাক প্ৰতীয়মান কৰাৰ চেষ্টা কৰা হৈছে । ইয়াতে প্ৰশ্ন উত্থাপন হয়, কিয় চৰকাৰে লৈ যোৱা কূটনীতিবিদসকলক চৰকাৰে নিৰ্দিষ্ট কৰা কেইজনমান মাত্ৰ বিশেষ লোকৰ সৈতেহে সাক্ষাৎ কৰাৰ বাবে লৈ যোৱা হৈছিল? যদি বিদেশী প্ৰতিনিধিসকলক কাশ্মীৰৰ ভ্ৰমণৰ অনুমতি দিয়া হয়, ভাৰতীয়া ৰাজনীতিবিদসকলক কিয় নিজৰ দেশৰেই এটা অঞ্চলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়? যদিহে চৰকাৰৰ উদ্দেশ্য কাশ্মীৰৰ লোকসকলৰ কাষ চপা, তেন্তে ২০১০ চনত কাশ্মীৰ উপত্যকাত ভাৰতবিৰোধী আন্দোলন গঢ়ি উঠা সময়ত কৰাৰ দৰে সৰ্ব দলীয় প্ৰতিনিধিৰ কাশ্মীৰ ভ্ৰমণৰ ব্যৱস্থা চৰকাৰে নকৰে কিয়? এনেবোৰ উপায়ৰ জৰিয়তে চৰকাৰে কাশ্মীৰত স্বাভাৱিক অৱস্থা প্ৰত্যাৱৰ্তন কৰা বুলি ছায়াছবি আঁকিব বিচাৰিছে । কিন্তু আমি জ্ঞাত যে কাশ্মীৰৰ ছবিখনত ক’তো স্বাভাৱিক অৱস্থা নাই । যদি স্বাভাৱিক অৱস্থা ঘূৰাই আনিব বিচৰা হয় তেন্তে কাশ্মীৰত স্বাভাৱিক ৰাজনীতি কৰিবলৈও অনুমতি দিব লাগিব ।

প্ৰচেষ্টাসমূহৰ সময়ঃ
কাশ্মীৰত বাধা-নিষেধ নৰম কৰাৰ বাবে গ্ৰহণ কৰা কিছুমান পদক্ষেপ অলপতে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক নিৰ্দেশৰ ভিত্তিত গ্ৰহণ কৰা হৈছে । এই নিৰ্দেশত ন্যায়ালয়ে কৈছে যে অনিৰ্দিষ্টকালীনভাৱে ইন্টাৰনেট সেৱা বন্ধ ৰখাটো অনৈতিক আৰু ক্ষমতাৰ অপব্যৱহাৰ । যদিও এই নিৰ্দেশত সকলো সঠিক শব্দ ব্যৱহাৰ কৰা হৈছিল তথাপি ই কাশ্মীৰৰ জনসাধাৰণক স্বস্তি প্ৰদান কৰিব নোৱাৰে । কিয়নো আদালতে চৰকাৰক কাশ্মীৰত জাৰি কৰা বাধা-নিষেধসমূহ আঁতৰ কৰিবলৈ নহয়, এইসমূহৰ বিষয়ে পৰ্যালোচনা কৰিবলৈহে নিৰ্দেশ দিছে । আদালতৰ নিৰ্দেশটোৰ সৈতে জড়িত থকা সমস্যাটো হ’ল চৰকাৰে ভালদৰে পৰ্যালোচনা বা পুনৰীক্ষণ কৰিব পাৰে আৰু একেই ব্যৱস্থা অব্যাহত ৰাখিব পাৰে ।

এই একেটা ৰায়ৰ অংশ হিচাপে ন্যায়ালয়ে বাক্ স্বাধীনতাৰ লগত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সংগতি ৰাখিবলৈ কৈছে । ন্যায়পালিকাই ব্যক্তিগত স্বাধীনতাক ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ব্যক্তিগত স্বাধীনতাক বোধা আৰোপ কৰিবলৈ নিৰাপত্তাৰ কথা উল্লেখ কৰাটো গণতান্ত্ৰিক স্বাধীনতা শেষ হোৱাৰ আৰম্ভণি বুলি ধৰিব পাৰি ।

কাশ্মীৰ উপত্যকাত নতুন ৰাজনীতিৰ সৃষ্টিঃ
আমি ভাৰত চৰকাৰে বৰ্তমান কাশ্মীৰ সন্দৰ্ভত লোৱা কৌশল বা নীতিসমূহৰ প্ৰতি নজৰ দিম । এই ক্ষেত্ৰত গ্ৰহণ কৰা কিছু ক্ষুদ্ৰ পদক্ষেপৰ ওপৰত চকু ফুৰাওঁ আহক ।

প্ৰথমতে কাশ্মীৰত বাধা-নিষেধ প্ৰত্যাহাৰ কৰাৰ বাবে এক ধীৰ প্ৰক্ৰিয়া চলি আছে । এয়া ক্ৰমাগত প্ৰক্ৰিয়া আৰু ইয়াক ৰূপায়িত কৰিবলৈ কিছু সময় লাগিব । ন্যায়ালয়ৰ নিৰ্দেশ আৰু ভাৰতৰ বাহিৰে-ভিতৰে সৃষ্টি হোৱা হেঁচাই এই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ সম্ভাৱনা আছে ।

দ্বিতীয় কৌশলটো হ’ল জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলক জম্মু কাশ্মীৰৰ পৰম্পৰাগত ৰাজনৈতিক দল যেনে নেচনেল কনফাৰেন্স আৰু পি ডি পিৰ পৰা আঁতৰাই আনি কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত এক নতুন ৰাজনৈতিক শক্তি বা গোট সৃষ্টি কৰা । ইয়াৰ ফলত অসংখ্য নতুন নেতাই নতুন দাবী আৰু হিচাপ-নিকাচেৰে কাশ্মীৰত নতুন এক ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব । কাৰাগৰত থকা বহুসংখ্যক নেতাই কাশ্মীৰীসকলৰ প্ৰিয় নহয় বাবে কাশ্মীৰত তেনেধৰণৰ নতুন ৰাজনৈতিক শক্তি সৃষ্টিত বিশেষ বাধা লাভ কৰা নাযাব ।

তৃতীয় কৌশলটো হ’ল কেৱল জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীতে সীমাবদ্ধ ৰাখি কাশ্মীৰী নেতাসকলক নতুন দিল্লীৰ সৈতে আলোচনা কৰিবলৈ দিয়া । অনাগত দিনত এয়াই হ’ব ৰাইজৰ প্ৰিয় দাবী । নতুন দিল্লী-শ্ৰীনগৰৰ মাজৰ আলোচনা এই বিষয়টোতে সীমাবদ্ধ হোৱাৰ লগে লগে আন বিষয়বোৰ একাষৰীয়া হৈ পৰিব ।

কিন্তু এই কৌশলবোৰ শুনোতে সঠিক যেন লাগিলেও কাৰ্যকৰী কৰাটো সহজ নহয় । ক্ষুব্ধ কাশ্মীৰী যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল এই কৌশলবোৰত সহজে ভোল নাযায় । প্ৰশ্নটো হৈছে-অনাগত দিনত নতুন দিল্লীয়ে নে কাশ্মৰী যুৱ প্ৰজন্মই কাশ্মীৰৰ ৰাজনীতিত নিৰ্দেশ প্ৰদান কৰিব?

নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰিলে কি হ’ব? কাশ্মীৰত এক নতুন ৰাজনৈতিক ধাৰা সৃষ্টি আৰু পৰিচালনাৰ এই পৰিকল্পনা এক গণ বিপ্লৱত তছনছ হৈ যাব পাৰে । তৃতীয়তে কাশ্মীৰ সন্দৰ্ভত অনাগত দিনত পাকিস্তানে কি কৰে সেয়া আমি চাব লাগিব । এফ এ টি এফৰ হেঁচা হ্ৰাস পোৱাৰ লগতে কাশ্মীৰত বৰফ গলিবলৈ আৰম্ভ কৰিলে পাকিস্তানে বিষয়টোত পুনৰ প্ৰৱেশ কৰিব পাৰে । যদি সেয়া হয় আমাৰ লগতে কাশ্মীৰে আন এক উত্তপ্ত গ্ৰীষ্মকালৰ বাবে সাজু হ’ব লাগিব ।

ABOUT THE AUTHOR

...view details