নিউজ ডেস্ক, 25 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সমগ্ৰ দেশতে বিৰোধ প্ৰদৰ্শনৰ মাজতেই ভাইৰেল হৈছে এটা বিদ্বেষমূলক ভাষণ ৷ এই বিদ্বেষমূলক ভাষণ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ শাৰজিল ইমামে প্ৰদান কৰে ৷
এই ভিডিঅ’ত ইমামে কৈ আছে- আমি অনা মুছলিম ধৰ্মৰ লোকক কওঁ যদি হে সহানুভূতিশীল হয় তেন্তে আমাৰ চৰ্তখিনিৰ সৈতে থিয় হওক যদি নহয় তেন্তে আমি সহানুভূতিশীল বুলি বিবেচিত নকৰো ৷ মই বিহাৰত প্ৰত্যক্ষ কৰিছো, বিহাৰত বহু ৰেলী হৈছে ৷ প্ৰত্যেক দিনাই এটা-দুটাকৈ বৃহৎ ৰেলী হৈছে ৷ আমি কানহায়া কুমাৰৰ ৰেলীটোও চাব পাৰো য’ত 5 লাখ লোক সমৱেত হৈছে ৷ যদিহে আমাৰ তাত পাঁচ লাখ সু-সজ্জিত লোক হয় তেন্তে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন কৰিব পাৰিম ৷ সম্পূৰ্ণ ৰূপে নোৱাৰিলেও কমেও এমাহৰ বাবে হ'লেও বিচ্ছিন্ন কৰিব পাৰিম ৷ অসমক বিচ্ছিন্ন কৰা আমাৰ কৰ্তব্য ৷ অসম আৰু ভাৰতৰ মাজত বিচ্চিন্ন হ'লেহে এওঁলোকে আমাৰ কথা শুনিব ৷