আইজল, 10 জানুৱাৰী:মিজোৰামত ক‘ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে আন এগৰাকী লোকৰ ৷ মৃত লোকজন মিজোৰামৰ মামিট জিলাৰ বাসিন্দা লখি ধন চাকমা (57) বুলি জানিব পৰা গৈছে ৷
চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, দেওবাৰে দুপৰীয়া 2.30 বজাত মৃত্যু হয় কৰ‘ণাত আক্ৰান্ত ৰোগীজনৰ ৷ লোকজন 21 ডিচেম্বৰৰ পৰা জ‘ৰাম মেডিকেল কলেজৰ আই.চি.ইউ.ত চিকিৎসাধীন হৈ আছিল ৷ লোকজনৰ নিমুনিয়াৰ বাবে হোৱা পৰীক্ষাৰ পাছতে লোকজন ক‘ৰণাত আক্ৰান্ত হিচাপে চিনাক্ত হৈছিল ৷