অসম

assam

By

Published : Oct 28, 2020, 12:42 PM IST

ETV Bharat / bharat

এই 337 এপৰ ওপৰত সাৱধান, চুৰি কৰিব আপোনাৰ ব্যক্তিগত তথ্য

স্মাৰ্টফোনৰ সহায়ত তথ্য চুৰি কৰিবলৈ হেকাৰে বাচি লৈছে নতুন পদ্ধতি ৷ হেকাৰে এক নতুন মালৱেৰ প্ৰস্তুত কৰিছে যাৰ সহায়ত এবাৰতেই বহুতো গোপনীয় তথ্য চুৰি কৰিব পাৰি ৷ এই মালৱেৰৰ নাম হৈছে ব্লেকৰক, যাৰ বিষয়ে চলিত বৰ্ষৰ মে' মাহত তথ্য লাভ কৰা গৈছিল ৷ প্ৰতিবেদন অনুসৰি, হেকাৰে 337টা এনড্ৰ'ইড এপৰ জৰিয়তে ব্যৱহাৰকাৰীক নিজৰ চিকাৰ বনায় ৷

এই 337 এপৰ ওপৰত সাৱধান, চুৰি কৰিব আপোনাৰ ব্যক্তিগত তথ্য
এই 337 এপৰ ওপৰত সাৱধান, চুৰি কৰিব আপোনাৰ ব্যক্তিগত তথ্য

নিউজ ডেস্ক, 28 অক্টোবৰ : স্মাৰ্টফোনৰ সহায়ত ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চুৰি কৰিবলৈ হেকাৰে সদায়ে নতুন কৌশলৰ সহায় লৈ আহিছে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে তেনে এক মালৱেৰ, যিয়ে আপোনাৰ সুৰক্ষিত স্মাৰ্টফোনৰ পৰা চুৰি কৰিব পাৰে বহু ব্যক্তিগত গোপনীয় তথ্য ৷ চলিত বৰ্ষৰ মে' মাহত পোহৰলৈ অহা এইটো মালৱেৰক নাম দিয়া হৈছে ব্লেক ৰক, যাক বিচাৰি উলিয়াইছিল থ্ৰীট ফেব্ৰিক নামে এক চোৰাংচোৱা সংস্থাই ৷

এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত কৰ্ণেল ইন্দ্ৰজিতে কয় যে, যেতিয়া ডিভাইছত এপ ইনষ্টল কৰা হয় তাৰ পিচতেই ব্লেক ৰকে এইসমূহ এপৰ সহায়ত এক্সেছেবিলিটিৰ গইনা লৈ ব্যক্তিগত তথ্যসমূহ একত্ৰিত কৰে ৷ প্ৰথমবাৰৰ বাবে মুকলি কৰা নকল গুগুল আপডেটত ব্যৱহাৰকাৰীৰ পৰা ডিভাইছৰ পাৰ্মিছন লয় আৰু ডাটাসমূহ চুৰি কৰে ৷ ব্লেক ৰক নামৰ এই মালৱেৰে এনড্ৰ'ইড ডিভাইচত প্ৰৱেশ কৰিবলৈ এনড্ৰ'ইড অপাৰেটিং ছিষ্টেমৰ সহায় লৈ এক্সেছেবিলিটিৰ সুবিধা গ্ৰহণ কৰে ৷ তাৰ পিচতেই ডিভাইচৰ পাৰ্মিছন ল'বলৈ এনড্ৰ'ইড ডিভাইছ পলিচীৰ সহায় লয় আৰু পলিচী কন্ট্ৰ'লাৰৰ সহায়ত আপোনাৰ বহুমুলীয়া গোপন তথ্যসমূহ চুৰি কৰে ৷

এই 337 এপৰ ওপৰত সাৱধান

থ্ৰীট ফেব্ৰিক সংস্থাই নিজৰ প্ৰতিবেদনত ব্লেক ৰক মালৱেৰযুক্ত 337টা এপ চিনাক্ত কৰিছে, যাৰ সহায়ত হেকাৰে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যসমূহ চুৰি কৰে ৷ এইসমূহ এপৰ ভিতৰত ডেটিং, নিউজ, শ্বপিং, লাইফষ্টাইল আৰু প্ৰডাক্টিভিটীৰ সৈতে জড়িত বহুকেইটা এপ আছে ৷ হেকাৰে বিত্তীয় প্ৰতিষ্ঠানৰ পৰিৱৰ্তে ভুৱা বিত্তীয় প্ৰতিষ্ঠানক নিজৰ চিকাৰ বনায় ৷ এই মালৱেল টিণ্ডাৰ, টিক-টক, প্লেষ্টেচন, ফেচবুক, ইনষ্টাগ্ৰাম, স্কাইপ, স্নেপচ্যাট, টুইটাৰ, গ্ৰাইণ্ডাৰ, বীকে, নেটফ্লিক্স, উবেৰ, ই বে, আমাজন, ৰেডিট, টাম্বলাৰ আদি এপসমূহক নিজৰ চিকাৰ বনায় লয় ৷ চোৰাংচোৱা সংস্থা থ্ৰীট ফেব্ৰিকৰ বিশ্লেষক দলৰ মতে, এই মালৱেৰ ব্যৱহাৰকাৰীৰ অতিকে গোপনীয় তথ্যকে ধৰি ক্ৰেডিট কাৰ্ড আৰু বেংকৰ সবিশেষ, পাছৱৰ্ড আদি চুৰি কৰিবলৈ সক্ষম ৷

এই 337 এপৰ ওপৰত সাৱধান

এইক্ষেত্ৰত কৰ্ণেল ইন্দ্ৰজিতে কয় যে, ব্যৱহাৰকাৰীয়ে নিজৰ এনড্ৰ'ইড অপাৰেটিং ছিষ্টেম সদায় আপডেট কৰি ৰাখক ৷ মোবাইল ফোনত এন্টি-ভাইৰাছ সংলগ্ন কৰাৰ লগতে যিকোনো হানিকাৰক এপ ইনষ্টল কৰাৰ পৰা বিৰত থাকক ৷ নিজৰ মোবাইলত ইনষ্টল কৰি ৰখা এপসমূহক হানিকাৰক এক্সেচৰ অনুমতি কেতিয়াও প্ৰদান নকৰিব ৷ ভাৰতৰ চাইবাৰ চিকিউৰিটী সংস্থাৰ অধ্যক্ষ অধ্যাপক এন কে গোয়েলৰ মতে, "আমি সচেতনভাৱে বিভিন্ন এপ ব্যবহাৰ কৰিব লাগিব ৷ মালৱেৰৰ দ্বাৰা সংঘটিত হ'ব পৰা যিকোনো বিপদৰ পৰা নিজৰে জৰুৰী দুৰত্বত ৰাখি তথ্যসমূহ সুৰক্ষিত কৰি ৰাখিব পৰা যাব ৷"

লগতে পঢ়ক :ইমেইল ফৰৱাৰ্ডাৰৰ দ্বাৰা চাইবাৰ অপৰাধীয়ে টাৰ্গেট কৰিছে কৰ্পৰেট খণ্ডক

ABOUT THE AUTHOR

...view details