নিউজ ডেস্ক, ৩১ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱ কালৰ ফটো আৰু কৰ্মৰাজীক লৈ আকৰ্ষিত হৈ এগৰাকী প্ৰাক্তন ন্যায়াধীশে মুকলি কৰিলে প্ৰধানমন্ত্ৰীৰ আত্মজীৱনীমূলক গ্ৰন্থ । ভাৰতৰ প্ৰাক্তন ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় মানৱ সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ কে. জি বালাকৃষ্ণণে মুকলি কৰিলে নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক গ্ৰন্থ 'Narendra Modi Harbinger of Prosperity & Apostle of World Peace' । প্ৰধানমন্ত্ৰীৰূপে ৬ টা বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণতে এই আত্মজীৱনীখন মুকলি কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে ।
প্ৰধানমন্ত্ৰী মোডীৰ আত্মজীৱনী মুকলি - International Council of Jurists
'Narendra Modi Harbinger of Prosperity & Apostle of World Peace' শীৰ্ষক প্ৰধানমন্ত্ৰীৰ আত্মজীৱনী মুকলি । অসমীয়া, হিন্দী, ইংৰাজী আদিকে ধৰি মুঠ ২০ টা ভাষাত ইণ্টাৰনেটত উপলব্ধ আত্মজীৱনীখন ।
দেশজুৰি চলি থকা লকডাউনৰ বাবে শুকুৰবাৰে ইণ্টাৰনেটত ভাৰত আৰু আমেৰিকাৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মুকলি কৰা হয় আত্নজীৱনীখন । গ্ৰন্থখনৰ সহ-লেখক 'International Council of Jurists'ৰ অধ্যক্ষ আগৰৱালা আৰু 'All India Bar Association'ৰ অধ্যক্ষৰ লগতে আমেৰিকাৰ লেখক 'Elisabeth Horan'।
'Narendra Modi Harbinger of Prosperity & Apostle of World Peace' শীৰ্ষক আত্মজীৱনীখন কিতাপ আকাৰত আৰু ই-বুক ৰূপত পাঠকে পঢ়িবলৈ পাব । আত্মজীৱনীখন ১০ টা ভাৰতীয় ভাষাসহ, ইংৰাজী, আৰবী, ইটালিয়ান, জাপানীচ, ৰাচিয়ান, স্পেনিচ আদিকে ধৰি মুঠ ২০ টা ভাষাত উপলব্ধ হয় । উল্লেখ্য যে, অসমৰ পাঠকসকলেও নিজৰ ভাষাত পঢ়িব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনীখন ।