নতুন দিল্লী, 9 এপ্ৰিলঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে 2014 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে 15 লাখ টকা ৰাইজৰ একাউণ্টত জমা দিব বুলি কোৱা নাছিল বুলি কয় ৷ তেওঁ কয় যে ‘আমি কেতিয়াও 15 লাখ টকা ৰাইজৰ একাউণ্টত জমা হ’ব বুলি কোৱা নাছিলো ৷ আমি কাৰ্যপন্থা অৱলম্বন কৰিম বুলিহে কৈছিলো ৷ ক’লা ধনৰ বিৰুদ্ধে কাম কৰি থকা হৈছে ৷ আমাৰ চৰকাৰে ক’লা ধনৰ অনুসন্ধানৰ বাবে স্পেচিয়েল ইনভেষ্টিগেটিং টীম গঠন কৰিছে যিয়ে এই সম্পূৰ্ণ বিষয়টো তদন্ত কৰি আছে’
আমি কেতিয়াও 15 লাখ ৰাইজৰ একাউণ্টত জমা হ’ব বুলি কোৱা নাছিলোঃ ৰাজনাথ সিঙ
কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ওলোটা খৰঃ ক’লা ধনৰ বিৰুদ্ধে কাম কৰি থকা হৈছে, আমি কোৱা নাছিলো সকলো নাগৰিকৰ একাউন্টত 15 লাখ টকা জমা কৰিম বুলি
"আমি কেতিয়াও 15 লাখ ৰাইজৰ একাউণ্টত জমা হ’ব বুলি কোৱা নাছিলো" ৰাজনাথ সিঙ
2014 চনৰ লোকসভা নিৰ্বাচনত ক’লা ধনৰ বিষয়টো অন্যতম নিৰ্বাচনী ইচ্ছু আছিল বিজেপিৰ ৷ ৰাজনাথ সিঙৰ এই বিবৃতি বিৰোধী দল সমূহে ক’লা ধন উভতাই অনাটো এক ভুৱা আশ্বাস বুলি কৰা কটাক্ষৰ পিচত আহিছে ৷