নেশ্যনেল ডেস্ক,19 জানুৱাৰী :মঙলবাৰে দেশৰ সাংস্কৃতিক মন্ত্ৰণালয়ে ঘোষণা কৰে যে, নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্মদিন অৰ্থাৎ 23 জানুৱাৰীৰ দিনটো প্ৰতি বছৰে চৰকাৰে 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰা হ'ব ৷
মন্ত্ৰণালয়ে এখন গেজেটক কয়, "দেশৰ বাবে নেতাজীৰ নিঃস্বাৰ্থ সেৱাক স্মৰণ কৰাৰ উদ্দেশ্যে তেওঁৰ জন্মদিনটো প্ৰতি বছৰে পৰাক্ৰম দিৱস হিচাপে পালন কৰা হ'ব ৷ ইয়াৰ জৰিয়তে দেশৰ যুৱচামৰ মাজত দেশভক্তিৰ ভাৱ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ'ব ৷"