অসম

assam

সদনতে CABক বাধা দিয়াৰ উদ্দেশ্যে দিল্লীত নেছ’ নেতৃত্বঃ CABক বিৰোধিতা কৰাৰ আশ্বাস কে.চি ত্যাগীৰ

By

Published : Nov 23, 2019, 3:23 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দিল্লীত উপস্থিত নেছ’ নেতৃত্ব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু নৰ্থ-ইষ্ট ষ্টুডেণ্ট ইউনিয়ন (নেছ’) অধ্যক্ষ ছেমুৱেল জেৱৰায়ে জে.ডি.ইউৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে.চি ত্যাগীক দিল্লীত সাক্ষাৎ কৰে ৷

সদনতে CAB ক বাধা দিয়াৰ উদ্দেশ্যে দিল্লীত নেছ’ নেতৃত্ব

নিউজ ডেস্ক, 23 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক বাধা দিয়াৰ উদ্দেশ্যেৰে দিল্লীত উপস্থিত নেছ’ নেতৃত্ব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু নৰ্থ-ইষ্ট ষ্টুডেণ্ট ইউনিয়ন (নেছ’) অধ্যক্ষ ছেমুৱেল জেৱৰায়ে জে.ডি.ইউৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে.চি ত্যাগীক দিল্লীত সাক্ষাৎ কৰে ৷ তেওঁলোকে জে.ডি.ইউক সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে আহ্বান জনায় ৷

নৰ্থ-ইষ্ট ষ্টুডেণ্ট ইউনিয়ন (নেছ’) অধ্যক্ষ ছেমুৱেল জেৱৰাৰ মন্তব্য

কে.চি ত্যাগীয়ে নেছ’ নেতৃত্বক সমৰ্থন কৰি জে.ডি.ইউয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ কে.চি ত্যাগীয়ে কয় যে, এইখন বিধেয়ক অসম তথা উত্তৰ-পূৱৰ স্বকীয়তাৰ পৰিপন্থী আৰু তাত বসবাস কৰা লোকৰ চেতনাৰ হিতৰ বিপৰীত ৷ সেইবাবে আমি এইখন বিধেয়কৰ সমৰ্থন নকৰো ৷

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য

লগতে তেওঁ এই বিষয়ে বিস্তৃত বিবেচনাৰ বাবে জে.পি.চি লৈ পঠিয়াবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ আনহাতে নেছ’ নেতৃত্বই দিল্লীত আন-আন ৰাজনৈতিক দলবিলাককো সাক্ষাৎ কৰি সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে আহ্বান জনাব ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ মন্তব্য

আৰু পঢ়কঃ বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ পুতৌজনক অৱস্থা

ABOUT THE AUTHOR

...view details