নিউজ ডেস্ক, ২৪ জুন : লেখক চেতন ভগতৰ ৫ বছৰ পুৰণি এটা টুইট হঠাৎ ভাইৰেল হৈছে । যিটো টুইটত লেখকজনে তেওঁৰ কিতাপ হাফ গাৰ্লফেণ্ডৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে সুশান্ত সিং ৰাজপুতক বাচনি কৰিছিল ।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচতেই সামাজিক মাধ্যমত অনুৰাগীৰ আন্দোলন শেহতীয়াকৈ টুইটটো ভাইৰেল হৈছে আৰু সকলোৱে অৰ্জুন কাপুৰক দোষাৰোপ কৰিছে । কাৰণ ছবিখনৰ মুখ্য চৰিত্ৰত সুশান্ত সিং ৰাজপুতৰ সলনি অৰ্জুন কাপুৰক লোৱা হৈছিল ।
লেখক চেতন ভগতে উক্ত টুইটটো ২০১৫ চনৰ ৭ নৱেম্বৰ তাৰিখে কৰিছিল ।
শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচতে বলীউদত সংঘটিত হোৱা লবী কেন্দ্ৰিক ৰাজনীতিৰ কথা প্ৰকট হৈ উঠিছে । যাৰ জৰিয়তে সামাজিক মাধ্যমত অনুৰাগী সকলে নিজৰ ক্ষোভ উজাৰি আছে । লগতে অভিনেতা গৰাকীৰ মৃত্যুৰ পিচতে সামাজিক মাধ্যমত এক আন্দোলনৰ সৃষ্টি হৈছে যাৰ জৰিয়তে অনুৰাগী আৰু সমালোচক সকলে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীক বৰ্জন কৰা বুলি উল্লেখ কৰিছে ।
লগতে পঢ়ক : মাস্কখনক হিন্দীত বাৰু কি কয় ! উত্তৰ দিলে বিগ বিয়ে