অসম

assam

ETV Bharat / bharat

পঞ্চম বাৰৰ বাবে স্থগিত নেপালৰ শাসকীয় দলৰ বৈঠক - বৈঠক স্থগিত ৰখা হৈছে

নেপালৰ শাসকীয় কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ মাজত চলি থকা সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰিবলগীয়া বৈঠক শুকুৰবাৰে পুনৰ এবাৰ স্থগিত কৰা হয় । দেশখনত বানৰ প্ৰকোপৰ ফলত এসপ্তাহলৈ পিছুৱাই দিয়া হয় বৈঠকখন ।

nepals-ruling-communist-partys-meet-to-decide-pms-future-deferred-for-a-week-over-floods
nepals-ruling-communist-partys-meet-to-decide-pms-future-deferred-for-a-week-over-floods

By

Published : Jul 10, 2020, 4:47 PM IST

নিউজ ডেস্ক, ১০ জুলাই :নেপালৰ শাসকীয় কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ মাজত চলি থকা সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰিবলগীয়া বৈঠকক শুকুৰবাৰে পুনৰ স্থগিত কৰা হয় । দেশখনত বানৰ প্ৰকোপৰ বাবে এসপ্তাহলৈ পিছুৱাই দিয়া হয় বৈঠকখন ।

উল্লেখ্য যে, নেপালৰ কমিউনিষ্ট পাৰ্টীৰ ৪৫ জনীয়া সদস্যৰে শক্তিশালী স্থানীয় সমিতিৰ এখন মহত্বপূৰ্ণ বৈঠক শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল । এন চি পিৰ প্ৰবক্তা নাৰায়ণ কাজী শ্ৰেষ্ঠ‌ই কয় যে, বানৰ কবলত পৰা অঞ্চলত থকা লোকক উদ্ধাৰ আৰু সহায়ৰ লগতে, ভূমিস্খলনৰ ফলত হোৱা‌ ক্ষয়-ক্ষতিৰ বাবে দলৰ উক্ত সভাখন পিছুৱাই দিয়া হৈছে । জানিব পৰা মতে, পঞ্চমবাৰৰ বাবে দলৰ উক্ত বৈঠকখন স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক : স্থৱিৰ নহয় বংগৰ উন্নয়নৰ চকা : মমতা বেনাৰ্জী

ABOUT THE AUTHOR

...view details