অসম

assam

ETV Bharat / bharat

বিহাৰত নেপালৰ নাগৰিকে উভালিলে সীতা গোফাত থকা স্তম্ভ - নেপালৰ প্ৰধান মন্ত্ৰী

পশ্চিম চম্পাৰণৰ ভীখানথৰিত অৱস্থিত মেন্স লেণ্ডৰ 436 নম্বৰৰ স্তম্ভতো উভালি পেলায় নেপালৰ নাগৰিকে ৷ কাৰণ উক্ত অঞ্চলটোত ভগৱান ৰামৰ স্মৃতি বিজৰিত হৈ আছে আৰু সেই ঠাইডোখৰ নেপালৰ অংশ বুলি দাবী জনাই আহিছে নেপালৰ প্ৰধান মন্ত্ৰীৰ লগতে নেপালৰ নাগৰিকে ৷

Nepali citizens allegedly uproot pillar near Sita Cave in Bihar
বিহাৰত নেপালৰ নাগৰিকে উভালিলে সীতা গোফাত থকা স্তম্ভ

By

Published : Jul 19, 2020, 4:08 PM IST

নিউজ ডেস্ক,19জুলাইঃ বিহাৰত ভাৰত-নেপাল সীমান্তৰ সীতা গোফাৰ ওচৰত নেপালী নাগৰিকে জনবিশ্বাসী স্তম্ভ এটা উভালি পেলোৱাক লৈ অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷ পশ্চিম চম্পাৰণৰ ভীখানথৰিত মেন্স লেণ্ডৰ 436 নম্বৰৰ স্তম্ভতো উভালি পেলায় নেপালৰ নাগৰিকে ৷ কাৰণ উক্ত অঞ্চলতোত ভগৱান ৰামৰ স্মৃতি বিজৰিত হৈ আছে আৰু সেই ঠাইডোখৰ নেপালৰ বুলি দাবী জনাই আহিছে নেপালৰ প্ৰধান মন্ত্ৰীৰ লগতে নেপালৰ নাগৰিকে ৷ ঘটনা অনুসৰি 13 জুলাইত নেপালৰ প্ৰধান মন্ত্ৰী অলিয়ে যেতিয়া দাবী কৰিলে যে প্ৰকৃত অযোধ্যা নেপালত আছে ভাৰতত নাই ৷ ভগৱান ৰামৰ জন্ম নেপালৰ থৰিত হে অৱস্থিত তেতিয়াৰ পৰাই নেপালৰ নাগৰিকে সজোৰে দাবী জনাই উত্তেজনাৰ সৃষ্টি কৰি আহিছে ভাৰত-নেপাল সীমান্তত ৷

বিহাৰত নেপালৰ নাগৰিকে উভালিলে সীতা গোফাত থকা স্তম্ভ

ইপিনে উক্ত ঘটনাৰ বিষয়ে ভাৰতীয় স্থানীয় নাগৰিকে প্ৰশাসনক জনোৱাৰ পিছতেই ঘটনাস্থলীত এছএছবিৰ 44 বি বেটালিয়নৰ ভীখনথৰিৰ BOP দলক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ ইপিনে এছএছবিৰ কামাণ্ডেন্ট একে সিঙে জানিবলৈ দিয়ে যে ঘটনাৰ বিষয়ে জানিব পাৰি BOP ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম কুমাৰে জোৱান সকলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷ আনহাতে সহকাৰী জেনেৰেল বিষয়া সৈলেশ কুমাৰে সমগ্ৰ ঘটনাৰ ওপৰত নজৰ ৰাখি আছে বুলি জানিবলৈ দিয়ে এছএছবিৰ বিষয়া গৰাকীয়ে ৷ লগতে বিষয়াগৰাকীয়ে উল্লেখ কৰে যে নেপালৰ প্ৰধানমন্ত্ৰীয়ে থৰিৰ কাষতে থকা পৰষা জিলাত এছডিঅয়ে সীতা গোফা ভ্ৰমণ কৰিছিল তাৰপাছতেই নেপালী নাগৰিকে নেপাল আৰক্ষীৰ উপস্থিতিতে স্তম্ভতো উভালি পেলায় ৷ নেপালৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল যে অযোধ্যা নেপালত অৱস্থিত ৷ ইপিনে নেপালৰ নাগৰিক সকলে বিশ্বাস কৰে যে দেৱী সীতা বাল্মীকি আশ্ৰমলৈ যোৱাৰ আগতে এই গোফাতোতে কিছু সময় জিৰণি লৈছিল ৷ পূৰ্বৰ পৰাই দুযোখন দেশৰ নাগৰিকে উক্ত স্থানতে ভগৱানৰ উপাশনা কৰি আহিছিল শেহতীয়া পৰিস্থিতিয়ে দুযোখন দেশৰ মাজৰ সৰ্ম্পকত ফাট মেলা দেখা গৈছে ৷

লগতে পঢ়কঃ কাৰাগাৰতে চিকিৎসা আৰম্ভ কৰ’ণাত আক্ৰান্ত কয়দীৰ

ABOUT THE AUTHOR

...view details