নেপালৰ শাসনাধিষ্ঠিত নেপাল কমিউনিষ্ট পাৰ্টীৰ ষ্টেণ্ডিং কমিটীৰ অধিক সদস্যই বিৰোধ কৰাৰ ফলতেই হিমালয়ত থকা দেশখনৰ প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাৰ চকীখনলৈ আহিবলগীয়া দিনত অধিক প্ৰত্যাহ্বান দেখা গৈছে ৷ তেওঁৰ কাৰ্যনীতিক বুধবাৰে ষ্টেণ্ডিং কমিটীৰ অধিকসংখ্যক সদস্যই বিৰোধ কৰিছিল ৷
কাঠমাণ্ডুত বুধবাৰে অনুষ্ঠিত হৈ যোৱা ষ্টেণ্ডিং কমিটীৰ বৈঠকত পাঁচগৰাকী সদস্যই অলি শৰ্মাক প্ৰধানমন্ত্ৰী হৈ থকাটো বিছাৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ তিনিগৰাকী নেতা, পেশাল খাটিৱাড়া, মাত্ৰিকা যাদৱ আৰু লীলামনি পোখৰালে অলিৰ পদত্যাগ বিচৰাৰ পৰিৱৰ্তে দুগৰাকী নেতা, নন্দ কুমাৰ প্ৰছাইন আৰু যোগেশ ভট্টৰায়ে প্ৰধানমন্ত্ৰীগৰাকীৰ কাম কৰাৰ নীতি সঠিক কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ কাঠমাণ্ডু পোষ্ট সংবাদগোষ্ঠীয়ে এইদৰে বাতৰি প্ৰকাশ কৰিছে ৷ এই আলোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হৈছিল, যদিও এইকেইগৰাকী সদস্যৰ মন্তব্যৰ পিচতেই ইয়াক বৃহস্পতিবাৰে দিনৰ 11 বজালৈ পিছুৱাই দিয়া হৈছিল ৷ অলিৰ কাৰ্যনীতিসমূহ চীনৰ প্ৰতি অধিক দেখা গৈছিল আৰু শেহতীয়াকৈ ভাৰত-নেপাল সম্পৰ্কত যথেষ্ট ফাঁট মেলা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃচীনত ভাৰতীয় বাতৰিকাকত বন্ধ কৰাক লৈ ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিৰ প্ৰতিক্ৰিয়া
বিগত মাহত অলিয়ে সংসদত এখন নতুন ৰাজনৈতিক নক্সা উত্থাপন কৰিছিল য'ত কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা সংযোজিত হৈ আছিল যিবোৰ ভাৰতৰ অন্তৰ্গত ৷ কৈলাশ মানসৰোৱৰলৈ যাবলগীয়া যাত্ৰীসকলৰ বাবে ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে লিপুলেখলৈ যাবলগীয়া এটা পথৰ উদ্বোধনৰ পিচতেই নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত লৈছিল ৷ অলিৰ এই ঘোষণাৰ পিচতেই ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ইয়াক অস্থিৰ আৰু অসমৰ্থনীয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ তাৰ পৰৱৰ্তী দেওবাৰে অলিয়ে ভাৰতে তেওঁক প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত কৰিবলৈ বিচাৰিছে বুলি অভিযোগ কৰিছিল ৷ "দিল্লীত হৈ থকা কাৰ্যকলাপ, নেপালৰ ৰাজনীতিৰ এটা গোট আৰু দুয়োৰে সহযোগিতাত মোক শাসনৰ পৰা ওফৰাই দিয়াৰ চেষ্টা চলি আছে ৷" অলিয়ে দেওবাৰে কাঠমাণ্ডুত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এইদৰে কৈছিল ৷ অলিয়ে কৈছিল যে, "কোনোও মোক শাসনৰ পৰা ওফৰাই দিয়াৰ কথা ভাবিব নোৱাৰে ৷"
সমালোচকসকলৰ মতে, অলিৰ এই কাৰ্যনীতিয়ে তেওঁক তেওঁৰ দলতে বিৰোধী কৰিছে আৰু কোভিড-19ৰ সন্দৰ্ভত চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবে ইয়াক অন্যফালে ঢাল দিবলৈ এই কাৰ্যনীতিৰ আশ্ৰয় লৈছে ৷ মঙলবাৰে, ষ্টেণ্ডিং কমিটীৰ এক আলোচনাত, দলটোৰ সহযোগী অধ্যক্ষ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল ডাহালকে ধৰি জ্যেষ্ঠ নেতা, মাধৱ কুমাৰ নেপাল, জলনাথ খানাল, বামদেব গৌতম আৰু নাৰায়ন কাজি শ্ৰেষ্ঠাকে ধৰি প্ৰায় 11 গৰাকী নেতাই অলিয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে ৷
লগতে পঢ়কঃপ্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি
বুধবাৰে অনুষ্ঠিত হোৱা ষ্টেণ্ডিং কমিটীৰ আলোচনাত কাঠমাণ্ডুস্থিত ৰাজনৈতিক অৰ্থনীতিবিদ, হৰি ৰোকাই ইটিভি ভাৰতৰ আগত কয় যে, অলিয়ে 45 সদস্যযুক্ত তেওঁৰ দলতেই 15 গৰাকী সমৰ্থক সহযোগত সংখ্যালঘুত পৰিনত হৈছে ৷ ইটিভি ভাৰতৰ সাংবাদিক অৰুণিম ভূঞাক টেলিফোনযোগে এই কথা কয় ৰোকাই ৷ ৰোকাই লগতে কয় যে, "যদিহে দলৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰীক ভাবুকি প্ৰদান কৰি থাকে তেতিয়াহ'লে তেওঁ দলটো ভাগ কৰিব ৷" অলিয়ে এতিয়া তেওঁৰ পদটো বচাবলৈ ষ্টেণ্ডিং কমিটীয়ে তেওঁক প্ৰধানমন্ত্ৰী বনোৱা নাই বুলি সমৰ্থন ভোটৰ দ্বাৰা প্ৰমাণ কৰিব লাগিব ৷ অলিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী অথবা নেপাল কমিউনিষ্ট পাৰ্টীৰ সহ-অধ্যক্ষৰ দুয়োটা পদৰ ভিতৰত এটা পদ এৰি দিব লাগিব বুলিও দাবী উত্থাপন হৈছে ৷ ৰোকাৰ মতে, যদিহে অলিয়ে প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱায়, তেতিয়া, ডাহাল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰ নেপালৰ মাজত প্ৰধানমন্ত্ৰী আৰু নেপাল কমিউনিষ্ট পাৰ্টীৰ অধ্যক্ষ পদত অধিস্থিত হোৱাৰ সম্ভাৱনা আছে ৷
অলিৰ নেতৃত্বত থকা কমিউনিষ্ট পাৰ্টী অৱ নেপাল (ইউনিফাইড মাৰ্ক্সিষ্ট-লেনিনিষ্ট) আৰু ডাহালৰ নেতৃত্বৰ কমিউনিষ্ট পাৰ্টী অৱ নেপাল (মাওইষ্ট)এ যুটীয়াভাৱে একত্ৰিত হৈ নেপাল কমিউনিষ্ট পাৰ্টীৰ নামত 2018 চনত নেপালৰ শাসনভাৰ লাভ কৰিছিল ৷
লগতে পঢ়কঃনতুন বিপদে খেদিছে নেপালৰ প্ৰধানমন্ত্ৰীক, উত্থাপন হৈছে পদত্যাগৰ দাবী
নতুন দিল্লীস্থিত Observer Research Foundationৰ শাখা Neighbourhood Regional Studies Initiativeৰ জ্যেষ্ঠ সদস্য কে য়োহমৰ মতে, নেপাল কমিউনিষ্ট পাৰ্টীৰ মাজত আন্তৰিক ক্ষমতাক লৈ ভাঙোন আৰম্ভ হৈছে আৰু এটা গোটে ডাহালক সমৰ্থন দিছে ৷ "দুয়োটা গোটৰ মাজৰ এই মতবিৰোধ অলিয়ে কোভিড-19ৰ সৈতে কৰা মোকাবিলাৰ সময়ত স্পষ্ট হৈ পৰিছে ৷" ইটিভি ভাৰতৰ আগত এইদৰে কয় য়োহমে ৷ তেওঁ লগতে কয় যে, অলিৰ ভাৰতৰ প্ৰতি আগ্ৰাসী মনোভাৱৰ আঁৰত নেপালৰ ৰাজনীতি চীনৰ আধিপত্যই প্ৰধান কাৰণ ৷ য়োহমে কয় যে, “নেপালে সদায়ে চীনৰ সৈতে আছিল আৰু বিগত সময়তো এইটো হৈছিল যদিও নেপালে ইয়াক প্ৰকাশ কৰা নাছিল ৷ কিন্তু বেইজিঙে মুকলিকৈ এই কথা প্ৰকাশ কৰাৰ পিচতে সকলো সলনি হৈ পৰে ৷ ভাৰতক লৈ নেপালৰ ভূ-ৰাজনৈতিক চিন্তাধাৰা স্পষ্টৰূপত সলনি হৈছে ৷”
চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ অধীনত নেপালৰ জলবিদ্যুৎ প্ৰকল্পকে ধৰি কাঠমাণ্ডুৰ পৰা তিব্বতৰ কেৰুঙলৈ ৰে'লৱে লাইন প্ৰকল্পত চীনে ধন বিনিয়োগ কৰিছে৷ ইয়াৰ বিপৰীতে, 2015 চনত নেপাললৈ বুলি গঢ়ি তোলা এক অৰ্থনৈতিক অৱৰোধৰ পিছতেই হিমালয়ৰ দেশখনে ভাৰত-বিৰোধী মনোভাৱ গঢ়ি তোলে, কিয়নো এয়া নতুন দিল্লীয়ে সংঘটিত কৰা বুলি তেওঁলোকে ধাৰণা কৰি লৈছিল ৷ অলি চৰকাৰে এই বিষয়টো ধৰি লৈয়ে ক্ষমতাত অধিস্থিত হয় ৷ ভাৰত-নেপালৰ মাজৰ শতিকাধৰি চলি অহা বন্ধুত্ব আৰু মানুহৰ পৰা মানুহৰ সংযোগ তথা সাংস্কৃতিক বান্ধোনৰ পিচটো এয়া সংঘটিত হৈছিল ৷
লগতে পঢ়কঃপুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন, ভাৰতৰ সৈতে উন্নত সামৰিক সম্পৰ্কৰ প্ৰতিশ্ৰুতি