অসম

assam

ETV Bharat / bharat

ইণ্ডো-নেপাল সীমান্তত পানীৰ যোগান বন্ধ নেপালৰ - পানীৰ যোগান বন্ধ নেপালৰ

ইণ্ডো-নেপাল সীমান্তত নেপালৰ এক হতকাৰী সিদ্ধান্ত । ভাৰতলৈ যোগান ধৰা পানী যোগান বন্ধ কৰিলে নেপালে । ফলত সীমান্তত উত্তেজনাময় পৰিৱেশ । হাজাৰ-হাজাৰ কৃষকৰ প্ৰতিবাদ ।

Nepal halts water supply at Indo-Nepal border
ইণ্ডো-নেপাল সীমান্তত পানীৰ যোগান বন্ধ নেপালৰ

By

Published : May 29, 2020, 10:45 AM IST

নিউজ ডেস্ক, 29 মে':কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ মাজতেই ক্ৰমান্বয়ে বেয়ালৈ গতি কৰিছে ভাৰত-নেপালৰ মাজত থকা সম্পৰ্ক । সীমা বিবাদক লৈ দুয়োখন দেশৰ ৰাজনৈতিক-কূটনৈতিক সম্পৰ্কত মত-বিৰোধ স্পষ্ট হৈ অহাৰ সময়তে শেহতীয়াকৈ ভাৰতলৈ পানী যোগানত নিষেধাজ্ঞা নেপাল চৰকাৰৰ । ভিক্ষণা থ'ৰী ভাৰত-নেপাল সীমান্তত পানী যোগান বন্ধ কৰিলে নেপালে । ফলত হাহাকাৰ সৃষ্টি হয় ইয়াৰ স্থানীয় কৃষকসকলৰ মাজত ।

জানিব পৰা মতে শিল-বালিৰে বন্ধ কৰি দিয়া হৈছে বহু কেইটা পানী যোগানৰ নলা । যাৰ ফলত ভাৰতীয় সীমান্তৰ 1000 একৰ ভূমিত থকা ৭ খন গাঁৱত এতিয়া যথেষ্ট পানীৰ অভাৱে দেখা দিছে । যাৰ বাবে কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

এই খবৰ পোহৰলৈ অহাৰ পাচতেই ভাৰতীয় আৰু এছএছবিৰ এটা দলে সেই ঠাই পৰিদৰ্শন কৰি নেপাল কৰ্তৃপক্ষৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ কথা উল্লেখ কৰে । আনহাতে, নেপালৰ সশস্ত্ৰ সীমান্ত পৰিদৰ্শক দীপক দলে এই সন্দৰ্ভত কয় যে, ব্ৰীজৰ কাষত পানীৰ চেনেল তৈয়াৰ কৰা হৈছিল । যাৰ বাবে নলাসমূহ বালি আৰু শিলেৰে পূৰ কৰি দিয়া হৈছিল ।

উল্লেখ্য যে, ভাৰত আৰু নেপালৰ মাজত 2013 চনত এক চুক্তি স্বাক্ষৰিত হৈছিল যাৰ অধীনত পানদাই নদীৰ দুটা পানী খালৰ জৰিয়তে 30 শতাংশ পানী ভাৰতৰ বিভিন্ন গাওঁ সমূহলৈ যোগান ধৰিব নেপালে । কিন্তু শেহতীয়াকৈ নেপালে তৃতীয় সুৰংগটো বালি, শিলেৰে বন্ধ কৰি দিয়াত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে । ফলত হাজাৰ-হাজাৰ কৃষক প্ৰতিবাদত নামি পৰে ।

ABOUT THE AUTHOR

...view details